‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ উদ্যোগত বৰপেটা গ্ৰন্থ উৎসৱ

‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ উদ্যোগত অহা ৬ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ ৬ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব বৰপেটা গ্ৰন্থ উৎসৱ। এই কথা জানিবলৈ দিয়ে ‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ এক সূত্ৰই। এই উপলক্ষে  কালি বৰপেটা চহৰৰ  বিদ্যাপীঠ  হাইস্কুলৰ খেলপথাৰত  বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শর্মা  আৰু সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে বন্তি প্রজ্বলন কৰি গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন কৰে। বৰপেটা গ্রন্থ উৎসৱৰ সভাপতি অমিয় কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুণীন্দ্রনাথ দাস, বিশিষ্ট সাহিত্যিক অক্ষয়কুমাৰ মিশ্ৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু গ্রন্থ উৎসৱ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। লাইখুঁটা স্থাপন কাৰ্য্যসূচীৰ  পিছতে বৰপেটা প্রেছ ক্লাবত গ্রন্থ উৎসৱ সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। বৰপেটা গ্রন্থ উৎসৱৰ সভাপতি অমিয়কুমাৰ দাস আৰু ৰঞ্জনজ্যোতি দাসে সংবাদমেলত প্ৰকাশ কৰা মতে আগন্তুক ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা গ্রন্থ উৎসৱৰ দ্বাৰ মুকলি কৰিব বৰপেটাৰ বিধায়ক গুণীন্দ্রনাথ দাসে। গ্রন্থ উৎসৱ উদ্বোধন কৰিব প্রাগ নিউজ চেনেলৰ স্বত্ত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে। গ্রন্থ উৎসৱৰ  স্মৰণিকা “হাৰিজন’’ উন্মোচন কৰিব মুখ্য মন্ত্ৰীৰ প্রেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। সাত জানুৱাৰীত বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, শিল্পী গোকুল পাঠকক “বৰপেটা ৰত্ন”বঁটা প্রদান কৰা হ’ব। সামৰণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ লগতে বিশিষ্ট অতিথি হিচাবে বড়ো সাহিত্য সভাৰ সভাপতি তৰুণ বড়ো আৰু বিশিষ্ট লেখিকা অনুৰাধা শর্মা পূজাৰীয়ে অংশগ্রহণ কৰিব । গ্রন্থ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্রতিযোগিতাৰ লগতে মইনুল হকৰ মূকাভিনয় প্ৰদৰ্শিত হ’ব বুলি প্ৰন্থমেলাৰ আয়োজক কমিটীয়ে জানিবলৈ দিয়ে।