আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নত কৰি তোলাত গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

আইন  শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ লগতে ৰাজ্যৰ আৰক্ষী বাহিনীয়ে ৰাজ্যবাসীৰ স্বাৰ্থ সন্মুখত ৰাখি অধিক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজি গোলাঘাট জিলাৰ দেৰগাঁৱস্থিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ৪১ অসম আৰক্ষী সেৱাৰ প্ৰৱেশ্বনাৰ সকলৰ পাচিং আউট পেৰেড অনুষ্ঠানত ভাষণ দি সোণোৱালে এই আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণৰ আস্থা লাভ কৰিবলৈ আৰক্ষীয়ে অতি নিষ্ঠা আৰু সততাৰে সমাজলৈ সেৱা আগবঢ়াৱ লাগিব আৰু ইয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস বদ্ধি কৰাৰ লগতে সম্পৰ্কটোও সুদৃঢ় কৰিব।

প্ৰৱেশ্বনাৰ বিষয়াসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশিক্ষণ কালত লাভ কৰা কলা কৌশলসমূহ আৰু জ্ঞানৰ সদ্ব্যৱহাৰ কৰি বিষয়াসকলে দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাৰ মানসিকতা গঢ়ি তুলিব লাগিব।

ৰাজ্য চৰকাৰে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতি সুদৃঢ় কৰাৰ বাবে নিষ্ঠা সহকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী বাহিনীক দেশৰ ভিতৰতে এটা শ্ৰেষ্ঠ আৰক্ষী বাহিনী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে হাইদৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ আৰ্হিত  অসমতো এটা আৰক্ষী একাডেমী স্থাপন কৰা হ’ব বুলি কয়। এই একাডেমীয়ে আৰক্ষীসকলক উন্নত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি অসম আৰক্ষীক স্মাৰ্ট পুলিচৰ ৰূপে গঢ়ি তোলাত বিশেষভাৱে সহায় কৰিব।

ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলাই থকা যুঁজখনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যখনক সন্ত্ৰাসমুক্ত আৰু বিদেশীমুক্ত কৰাৰ দিশত প্ৰচেষ্টা অব্যাহত আছে বুলি পুনৰ দোহাৰে।