ইটানগৰৰ বেংকসমূহত টকাৰ নাটনি

Amid loksabha election hullabaloo, huge amount of cash seized in Guwahati

প্ৰতীকী ছবি।

অৰুণাচলৰ ৰাজধানী ইটানগৰৰ বিভিন্ন বেকংৰ শাখা সমূহত নগদ ধনৰ সংকটে দেখা দিছে, যাৰ ফলত দৈনন্দিন লেনদেন স্তব্ধপ্ৰায় হৈ পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি ইটানগৰৰ লগতে পাপুমপাৰে জিলাতো সৰু নোটৰ নাটনিয়ে দেখা দিছে। তাৰোপৰি উপভোক্তা সকলে অভিযোগ কৰিছে যে এটি এম মেচিন সমূহত ২০০০ টকীয়া নোট উপলব্ধ নহয়, কেৱল ৫০০ টকীয়া নোটহে পোৱা যায়। ‘আমি বহুত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছো।’ বুলি উল্লেখ কৰি এটা ব্যক্তিগত খণ্ডৰ এজন ছিনিয়ৰ বেংক মেনেজাৰে কয় যে তেওঁলোক সম্পূৰ্ণৰূপে এছ বি আইৰ ওপৰত নিৰ্ভৰশীল। ‘অৱশ্যে এই নাটনিৰ মাজতো আমি কিবা প্ৰকাৰে অৰ্থ যোগাৰ কৰি আহিছো।’ তেওঁ লগতে মন্তব্য কৰে। বেংকটোৰ অন্য এজন মেনেজাৰে জনায় যে তেওঁলোকে বৰ্তমান অসম আৰু অন্য ঠাইৰ শাখাৰ পৰা টকা অনাৰ ব্যৱস্থা কৰি আছে। ইয়াৰ মাজতে এছ বি আই কৰ্তৃপক্ষই জনায় যে ভাৰতীয় ৰিজাৰ্ভ বেংক টকাৰ নাটনি সম্পৰ্কে অৱগত। কম মূল্যৰ নোটসমূহ বেংক কাউণ্টাৰ সমূহত দি অহা হৈছে বুলি উল্লেখ কৰি তেওঁলোকে কয় যে এ টি এম সমূহত ৫০ টকীয়া নোট ভৰাব পৰা ব্যৱস্থা হৈ উঠা নাই।

এছ বি আইৰ আঞ্চলিক মহা প্ৰবন্ধক তৰুণ কুমাৰ বড়োৱে এইটো নিশ্চিত কৰে যে বেংকটোৰ সকলো বিলাক শাখাই নগদ ধনৰ সংকটত ভুগি আছে। তেওঁ লগতে কয় ‘যিহেতু আৰ বি আয়ে নোটৰ যোগান ধৰা নাই, গতিকে ই সমস্যাৰ সৃষ্টি কৰিব, অৱশ্যে সময়ে সময়ে আমাৰ ফালৰ পৰা তেওঁলোকক ইনডেণ্ট পথাই অহা হৈছে।’

সকলো লোকে মাহৰ আৰম্ভণিতে টকা উলিয়াই অনাৰ বাবে এটি এম বিলাক সততে উদং হৈ থাকে বুলি মন্তব্য কৰি বড়োৱে আৰু কয় যে এতিয়া উৎসৱৰ বতৰ চলি থকাৰ বাবে নগদ ধনৰ চাহিদা বেছি বাঢ়ি গৈছে।

‘ইয়াৰ উপৰি ৰাজধানীখনত থকা ৭২টা এ টি এমৰ বিকল হৈ থকা ১৫টা এ টি এম ঠিক কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন’, এই বুলি কয় বড়োৱে। লগতে  তেওঁ কয়, ‘ইটানগৰৰ বাকী ১৬ টা এ টি এম আৰু নাহৰলগুন-দৈমুখ অঞ্চলৰ ৪১ টা এ টি এমেহে সঠিকভাৱে কাম কৰি আছে।’