শেহতীয়া কেইটামান দিনত তিনিচুকীয়া জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত আলফা (স্বা)ই ব্যাপক ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। প্ৰধানকৈ চাহ বাগিচাৰ মালিকপক্ষলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। কিছুমান কৰ্তৃপক্ষই আলফা স্বাধীনৰ এই ধন দাবীৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিছে যদিও বহুতে নিজৰ নিৰাপত্তাৰ শংকাত ইয়াক গোপনে ৰাখিছে বুলিও কিছুমান সূত্ৰই দাবী কৰে। আৰক্ষীৰ এটা সূত্ৰই আমাক জনোৱা মতে যোৱা ২৩ নৱেম্বৰত চাম ডাং চাহ বাগিচাৰ পৰিচালকলৈ আলফা (স্বা)ই এখন ধন দাবী পত্ৰ প্ৰেৰণ কৰাৰ অভিযোগ তেওঁলোকে লাভ কৰিছে। আলফাৰ পত্ৰখনত বাগিচাৰ কৰ্তৃপক্ষক এক কোটি টকা দাবী কৰা বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে। কানহ পথাৰ চাহ বাগিচাৰ পৰিচালকলৈও আলফাই ৪০ লাখ টকা দাবী কৰি ধনদাবী পত্ৰ প্ৰেৰণ কৰা বুলিও একেটা সূত্ৰই জনায়।
উজনিৰ কেইবাখনো চাহ বাগিচাৰ কৰ্তৃপক্ষলৈ আলফাৰ ধন দাবী পত্ৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
অৱশেষত অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে
By
এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া :
May 10, 2024 2:42 pm
তেওঁৰ কামনাৰ বলি ১২০ গৰাকী কিশোৰী-যুৱতী-মহিলা! জেলতেই মৃত্যু ভণ্ড সাধু `জেলেবী বাবা’ৰ
By
এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া :
May 10, 2024 1:18 pm
পৰীক্ষাৰ আগদিনাই NEET ৰ প্ৰশ্নকাকত পাইছিল বিহাৰৰ ২০ গৰাকী পৰীক্ষাৰ্থীয়ে; জেৰাত ওলাল জোলোঙাৰ মেকুৰী!
By
এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া :
May 10, 2024 11:58 am
ৰাজ্যৰ প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থ; হাস্পাতালত ভৰ্তি
By
এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া :
May 10, 2024 10:46 am
ঢাপে ঢাপে সজাই থোৱা কেৱল ২০০-৫০০ টকীয়া নোটৰ বাণ্ডিল; পুনৰ উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া :
May 10, 2024 9:43 am
বিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী
By
এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া :
May 10, 2024 8:47 am