উজনি অসমত নতুন হাইড্ৰ’কাৰ্বন আৱিস্কাৰ অইল ইণ্ডিয়াৰ

অইল ইণ্ডিয়া লিমিটেডে ব’ম্বে ষ্টক এক্সেইঞ্জক জনোৱা অনুসৰি ২০১৭-১৮ চনৰ দ্বিতীয় আৰু তৃতীয় কুৱাৰ্টাৰত সন্ধানমূলক প্ৰচেষ্টাৰে উজনি অসমৰ ডুমডুমা পে’ট্ৰলিয়াম মাইনিং লিজত দুটা হাইড্ৰ’কাৰ্বন আৱিস্কাৰ কৰিবলৈ ই সক্ষম হৈছে।

প্ৰথম আৱিস্কৃত দক্ষিণ চানমাৰি-৫ ৰ খাদটোত ইয়’চিন যুগৰ নৰপুহ আৰু লাকাদং+থেৰিয়া গঠনৰ বিভিন্ন বালি পোৱা গৈছে। পৰীক্ষণৰ সময়ত ৪২৯০ মিটাৰ গভীৰতাত পোৱা লাকাদং+থেৰিয়া বালিয়ে ৫০ হাজাৰ এছ চি এম দি হাৰত গেছ উৎপাদন কৰিছে।

দ্বিতীয় আৱিস্কাৰ শুকানগুৰি-২ ৰ খাদটোত নৰপুহ আৰু লাকাদং+থেৰিয়া প্ৰত্যেকৰে এটাকৈ দুটা ভাগ পোৱা গৈছে। পৰীক্ষণত এটা ১৮ মিটাৰৰ নৰপুহ বালিয়ে ৫৫ মিটাৰ৩/দি হাৰত তেল উৎপাদন কৰিছে। বৰ্তমান এই খাদটো বৰ্ধিত উৎপাদন পৰীক্ষণৰ অধীনত আছে।

শুকানগুৰি-২ নৰপুহ গঠনৰ প্ৰথম বাণিজ্যিক আৱিস্কাৰ। কোম্পানীটোৰ মতে এই আৱিস্কাৰে উজনি অসম অৱবাহিকাত নৰপুহ তেল আৰু গেছ সন্ধানৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান দিব।

অইল ইণ্ডিয়া লিমিটেড ভাৰতৰ দ্বিতীয় বৃহৎ তেল আৰু গেছ সন্ধান আৰু উৎপাদন কোম্পানী। ২০১৭ চনৰ ২৯ ডিচেম্বৰতকৈ ১.৭ শতাংশ হ্ৰাস হৈ ৬৯.৫৫ টকাত কোম্পানীটোৰ ষ্টক বন্ধ হয়।