সন্দেহযুক্ত আলফা (স্বা)ৰ পাঁচজন কেডাৰে আজি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰক্ষী থানাৰ অধীনৰ খামদু গাৱঁৰ পৰা এজন যুৱকক অপৰহণ কৰাৰ খবৰ আহিছে। অপহৃত যুৱকজনৰ নাম অৰ্ণৱ ফুকন (২৪) বুলি সূত্ৰটোৱে জানিবলৈ দিছে। অৰ্ণৱৰ দেউতাক দিলীপ ফুকন এজন ব্যৱসায়ী। অপহৰণ কৰি যুৱকজনক আলফা সদস্যকেইজনে জয়ৰামপুৰ আৰু জাগুনৰ মাজত থকা ৰাষ্ট্ৰীয় পথৰ দিশত লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ব্যৱসায়ী দিলীপ ফুকনৰ জাগুনৰ ১০ মাইলত শিলভঙা উদ্যোগ আছে। তেওঁ পুৰণি খামদু গাৱঁৰ পৰা ব’ল্ডাৰ অনাইছিল। অৰ্ণৱে তেওঁৰ দেউতাকৰ ব’ল্ডাৰৰ কাম চাবলৈ গৈছিল। এটা বিশেষ সূত্ৰই কয় যে আলফাই দিলীপ ফুকনক এমাহৰ পূৰ্বে ৩ লাখ টকা দাবী কৰিছিল।
উজনি অসমত অব্যাহত আলফা-ত্ৰাস : আলফাই অপহৰণ কৰিলে যুৱকক
-
By NE NOW NEWS
- Categories: অসম
Related Content
চৰকাৰী কৰ্মচাৰীৰ বোজা ল’ব নোৱাৰে ৰাজ্য চৰকাৰে : চাকৰি হেৰুৱাব কৃষি বিভাগৰ ৩৫০ জন কৰ্মচাৰীয়ে
By
অভিক চক্ৰবৰ্তী
May 19, 2024 10:04 pm
ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ
By
অভিক চক্ৰবৰ্তী
May 19, 2024 6:19 pm
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
অভিক চক্ৰবৰ্তী
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
অভিক চক্ৰবৰ্তী
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
অভিক চক্ৰবৰ্তী
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
অভিক চক্ৰবৰ্তী
May 19, 2024 1:03 pm