উত্তৰ-পূবত বিদ্ৰোহ সম্পৰ্কীয় ঘটনাৰ তালিকাত শীৰ্ষস্থানত মণিপুৰ

Reprentative Image

উত্তৰ-পূবৰ বাকী ৰাজ্য কেইখনৰ তুলনাত ২০১৭ বৰ্ষটোত মণিপুৰত সৰ্বাধিক বিদ্ৰোহ সম্বন্ধীয় ঘটনা সংঘটিত হোৱা বুলি কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদত লিখিতভাবে প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে।

লিখিত উত্তৰত মন্ত্ৰীজনে উল্লেখ কৰে যে মণিপুৰত ২০১৭ চনত মুঠ ১৬৭ টা বিদ্ৰোহ সম্বন্ধীয় ঘটনাৰ গোচৰ ৰুজু হৈছে। ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশত ৬১ টা, অসমত ৩৩টা, মেঘালয়ত ২৮ টা আৰু নাগালেণ্ডত ১৯ টা এনে গোচৰ ৰুজু হৈছে। কিন্তু মিজোৰাম আৰু ত্ৰিপুৰাত এনে ধৰণৰ এটাও গোচৰ ৰুজু হোৱা নাই বুলি জানিবলৈ দিয়ে।

মণিপুৰ লোকসভাৰ সাংসদ ড০ থকছম মিন্যাই কিছুদিন পূৰ্বে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীয়ে সংসদত এইদৰে লিখিতভাবে উত্তৰ প্ৰদান কৰে।

উল্লেখ্য যে এনে বিদ্ৰোহ সম্বন্ধীয় ঘটনাৰ ফলত ৰাজ্যখনত বহুতো লোক হতাহতিৰো সন্মুখীন হ’বলগীয়া হৈছে। এনে ধৰণৰ ঘটনাৰ ফলত ৰাজ্যখনত ২৩জন নাগৰিকৰ লগতে সুৰক্ষা বাহিনীৰ ৮ গৰাকীকৈ জোৱান হতাহতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

মণিপুৰৰ পিছতে অসমত এনে ধৰণৰ ঘটনাৰ ফলত ৬জন সাধাৰণ নাগৰিক আৰু সুৰক্ষা বাহিনীৰ ৩ জন জোৱান, নাগালেণ্ডত ৩জন সাধাৰণ নাগৰিক আৰু সুৰক্ষা বাহিনীৰ এজন জোৱান আৰু মেঘালয়ত ২জন সাধাৰণ নাগৰিক হতাহতিৰ সন্মুখীন হৈছে।

স্মৰ্তব্য যে মিজোৰাম আৰু ত্ৰিপুৰাত এনেধৰণৰ কোনো বিদ্ৰোহী ঘটনাৰ ফলত কোনো লোকৰে হতাহতি হোৱা নাই বুলি মন্ত্ৰীজনে জনায়।

মনকৰিবলগীয়া যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৪ চনৰ বিপৰীতে বৰ্তমান সময়ত উত্তৰ-পূবত এনে ধৰণৰ ঘটনা প্ৰায় ৬৩ শতাংশই হ্ৰাস পোৱা বুলি মন্ত্ৰীজনে প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে।

আনহাতে হতাহতিৰ সংখ্যাও ২০১৪ চনৰ তুলনাত যথেষ্টভাবে হ্ৰাস হোৱা বুলি তথ্য সহকাৰে প্ৰকাশ কৰে।