উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি সম্পৰ্কত চিন্তিত বিত্ত মন্ত্ৰী জেটলী

Conrad-K-Sangma-

উত্তৰ-পূব ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি পৰিপূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি দেওবাৰে উল্লেখ কৰে।

শণিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ নতুন দিল্লীস্থিত বাসগৃহত নৱগঠিত মেঘালয় চৰকাৰৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ লগত ৰাজ্যখনৰ সাম্প্ৰতিক বিত্তীয় পৰিস্থিতি সম্পৰ্কত এক আলোচনাত মিলিত হয়। এই আলোচনাৰ সময়তে বিত্তী. মন্ত্ৰীগৰাকীয়ে সকলো ধৰণৰ সহায় সহযোগিতা কৰিব বুলি উল্লেখ কৰে।

‘বিত্তীয় ঘাটিৰ ৰাজ্যসমূহক উদ্ধাৰৰ বাবে আমি আগবাঢ়ি আহিব লাগিব। দেশৰ গুৰুত্বপূৰ্ণ অঞ্চল উত্তৰ-পূবৰ অৰ্থনৈতিক বিকাশৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰাটো আমাৰ কৰণীয়’ এই বুলি কয় অৰুণ জেটলীয়ে।

ইফালে জেটলীয়ে ব্যক্ত কৰে যে অসমে বিত্তীয় ঘাটিৰ ৰাজ্যৰ পৰা ক্ৰমান্বয়ে ভাল দিশলৈ আহি আছে।

আলোচনালৈ যোৱা মেঘালয়ৰ প্ৰতিনিধি দলটোক বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে উপযুক্ত আঁচনি গ্ৰহণ কৰিবলৈও পৰামৰ্শ আগবঢ়ায়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই ৰাজ্যখনত আই টি আৰু ফুড পাৰ্ক স্থাপন কৰাৰ সম্বন্ধে আৰু থলুৱা বনৌষধক কিদৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি সেই ক্ষেত্ৰতো গভীৰভাৱে আলোচনা কৰাৰ উপৰি মেঘালয়ৰ বায়ু সংযোগৰ উন্নয়নৰ বিষয়টোও বিত্ত মন্ত্ৰীক অৱগত কৰায়।

‘বৰ্তমান আমাৰ ৰাজ্যত একমাত্ৰ পৱন হনছ হেলিকপ্তাৰ হে আছে। কিন্তু আমি শীঘ্ৰে ৰাজ্যৰ অন্য তিনিটা অঞ্চলত হেলিপেড স্থাপন কৰি এই সেৱা সমূহ আৰম্ভ কৰিম। লগতে ৰাজ্যৰ পৰিৱহন ব্যৱস্থাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰেইল লাইনৰো প্ৰৱৰ্তন কৰাৰ যোজা চলাই আছো। এই ক্ষেত্ৰত কিছু অসুবিধা আছে কিন্তু এই অসুবিধা সমূহ দূৰ কৰি ৰেইল যোগাযোগ স্থাপনত গুৰুত্ব আৰোপ কৰিম’, এনেদৰে মুখ্য মন্ত্ৰী চাংমাই উল্লেখ কৰে।