উত্তৰ-পূৰ্বাঞ্চলৰ আত্মসমৰ্পনকাৰী উগ্ৰপন্থীৰ মাহিলী ভাত্তা আৰু স্থিৰ জমাৰাশিৰ সংশোধন : ঘোষণা ৰিজিজুৰ

Kiren-Rijiju

কিৰেন ৰিজিজু

কেন্দ্ৰই বঢ়ালে উত্তৰ-পূৰ্বাঞ্চলৰ আত্মসমৰ্পনকাৰী উগ্ৰপন্থীসকলৰ মাহিলী ভাত্তা আৰু স্থিৰ জমাৰাশিৰ পৰিমাণ। আত্মসমৰ্পন আৰু হিংসা পৰিহাৰক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জনাইছে।

এই নতুন আত্মসমৰ্পন আঁচনিখন এই বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হ’ব।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদত ঘোষণা কৰে যে আত্মসমৰ্পনকাৰীসকলক ৩৬ মাহৰ বাবে মাহিলী সৰ্বোচ্চ ৬০০০ টকাকৈ প্ৰদান কৰা হ’ব। ৪ লাখ টকাৰ স্থিৰ জমা ৩ বছৰৰ বাবে তেওঁলোকৰ নামত বেংকত ৰখা হ’ব।

আত্মসমৰ্পনৰ সময়ত জমা দিয়া অস্ত্ৰ-শস্ত্ৰৰ বাবে দিয়া পুৰস্কাৰ ধনৰাশিৰো সংশোধন কৰা হৈছে।

ইয়াৰ পূৰ্বে বাকী একেখিনি চৰ্তত এই মাহিলী ভাত্তা আছিল সৰ্বোচ্চ ৩৫০০ টকা আৰু স্থিৰ জমাৰ পৰিমাণ আছিল ১.৫ লাখ টকা।

যোৱা বহু বছৰ ধৰি উত্তৰ-পূবৰ উগ্ৰপন্থী সদস্যসকলে হিংসাৰ পথ পৰিহৰি নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পন কৰি আহিছে।