এচিয়াৰ ভিতৰত একমাত্ৰ কোটিপতি গাঁওৰূপে পৰিচিত হ’ল অৰুণাচল প্ৰদেশৰ ‘বোমজা’

File photo of tawang

অৰুণাচল প্ৰদেশৰ এক বিষ্ময়কৰ খবৰ, শুণিলেই আচৰিত। বুধবাৰৰ পৰা এচিয়াৰ ভিতৰত সবাটোকৈ ধনী গাঁৱৰূপে পৰিচিত হ’ল ৰাজ্যখনৰ টাৱাং জিলাৰ বোমজা গাঁও। গাওঁখনত বাস কৰা ৩১ঘৰ পৰিয়ালে বুধবাৰৰ পৰা হ’ল কোটিপতি।

মনকৰিবলগীয়া যে গাওঁখনৰ উক্ত পৰিয়াল কেইটাই কেন্দ্ৰীয় চৰকাৰক এটা প্ৰকল্পৰ বাবে ২০০.০৫৬ বিঘা ভূমি প্ৰদান কৰিছিল। আৰু সেই ভূমিৰ বাবদ পৰিয়াল কেইটাক ক্ষতিপূৰণ হিচাপে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মুকলি কৰি দিয়ে ৪০,৮০,৩৮,৪০০ কোটি টকা। আৰু এই টকা পোৱাৰ লগে লগে এচিয়াৰ ভিতৰত সবাটোকৈ ধনী গাঁৱৰূপে পৰিচিত হয় বোমজা গাঁও।

ক্ষতিপূৰণৰ বাবদ গাৱঁখনৰ ২৯টা পৰিয়ালে ১,০৯,০৩,৮১৩.৩৭ কোটি টকাকৈ লাভ কৰাৰ বিপৰীতে এটা পৰিয়ালে লাভ কৰিছে ২,৪৪,৯৭,৮৮৬.৭৯ কোটি টকা আৰু এটা পৰিয়ালে ৬,৭৩,২৯,৯২৫.৪৮ কোটি লাভ কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা।

প্ৰত্যেকটো পৰিয়ালে ক্ষতিপূৰণ লাভ কৰাৰ লগে লগে অৰুণাচলৰ বোমজা গাঁওখন এতিয়া দেশৰ একমাত্ৰ ‘কোটিপতি’ গাঁও হিচাপে পৰিচিত হ’ল।

বুধবাৰে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে উক্ত পৰিয়াল কেইটাক চেকসমূহ প্ৰদান কৰে। মুখ্য মন্ত্ৰীয়ে নিজৰ গৃহ সমষ্টিত চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ কয় যে ভাৰতীয় সেনাৰ টাৱাং গেৰিছন গোটে হাউছিং কি লোকেশ্যন আঁচনিৰ বাবে এই ভূমি অধিগ্ৰহণ কৰিছে।

চেক বিতৰণ কাৰ্যসূচীতে মুখ্য মন্ত্ৰী খাণ্ডুৱে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনক ধন্যবাদ জনায় ক্ষতিপূৰণৰ টকাসমূহ সোনকালে মুকলি কৰি দিয়াৰ বাবে। লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰাজ্যখনে সঠিত দিশত গতি কৰিছে বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে।

একমাত্ৰ কেন্দ্ৰৰ সহযোগতহে অৰুণাচল প্ৰদেশৰ ৰে’ল, ৰাস্তা-পথ আদি সকলোৰে উন্নয়ন ক্ষীপ্ৰতাৰে সম্ভৱপৰ হৈছে। ইয়াৰ উপৰি তেওঁ কয় যে অতি শীঘ্ৰে টাৱাঙৰ সৈতে ৰেলৰ যোগাযোগ সম্পন্ন কৰি তুলিব।

উক্ত অনুষ্ঠানত সংসদীয় সচিৱ জাম্বে টাছি, টাৱাং বিধানসভা সমষ্টিৰ বিধায়ক ছাৰিং টাছি, টাৱাঙৰ উপায়ুক্ত ছাং ফাণ্টছকৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত আছিল।

তাৰোপৰি চেক বিতৰণৰ দিনযোৰা কাৰ্যসূচীৰ উপৰি যাং-মুক্ত সমষ্টিৰ বিভিন্ন গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে নাচ-গানৰো প্ৰদৰ্শন কৰে।