এন আৰ চিক বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিত ব্যৱহাৰৰ চেষ্টা চলাইছে : প্ৰদেশ কংগ্ৰেছ

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া। ফটো : য়ু বি।

অসমক বিদেশী নাগৰিকৰ সমস্যাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত অসম চুক্তিৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। এনে সময়তে এন আৰ চি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ সলনি শাসকীয় দলৰ হেঁচাতহে কাম কৰি থকা বুলি এক অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

আজি ১৬ জুলাইত গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই অভিযোগ আনিছে। সংবাদমেলখনত বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াও উপস্থিত থাকে।

“এন আৰ চি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে কাম কৰিব পৰা নাই। শাসনাধিষ্ঠিত চৰকাৰে তেওঁলোকক চৰকাৰৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ খবৰ পাইছো। তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছে যাতে এন আৰ চিখন সম্পূৰ্ণৰূপে শাসনাধিষ্ঠিত বিজেপি দলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে।” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এইদৰে কয়।

তেওঁ কয় যে বিবাহিত মহিলাৰ ক্ষেত্ৰত পঞ্চায়তৰ সচিবে প্ৰদান কৰা প্ৰমাণ পত্ৰক উচ্চতম ন্যায়ালয়ে বৈধতা দিয়াৰ পাছতো বহুতো এন আৰ চি সেৱা কেন্দ্ৰসমূহত তলৰ পৰ্যায়ৰ এন আৰ চি কৰ্মীসকলে পঞ্চায়তৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰা নাই আৰু বিভিন্ন ধৰণৰ খুঁত উলিয়াই সেইখন নাকচ কৰিছে।

আনহাতে নথি পৰীক্ষণৰ সময়ত যি ধৰণে পৰীক্ষণ কৰি ন্যায় প্ৰদান কৰিব লাগে সেইধৰণে নকৰাৰো অভিযোগ কৰে ৰিপুণ বৰাই। এন আৰ চি কৰ্মীসকলক ‘যিমান পাৰি সিমান নাম কৰ্তন কৰিব লাগে’, এনে ধৰণৰ চিন্তা এটা মনত সুমাই দিয়া হৈছে বুলিও বৰাই সংবাদমেলত কয়।

লগতে এন এৰ চিত কাৰ নাম থাকিব আৰু কাৰ নাম নাথাকে তাৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ পৰা সেৱা কেন্দ্ৰসমূহলৈ তালিকা প্ৰস্তুত কৰি পঠিওৱা বুলিও ৰিপুণ বৰাই গুৰুতৰ অভিযোগ কৰে। সেই তালিকাৰ জৰিয়তে কাৰ নাম কৰ্তন হ’ব লাগে সেয়া সেৱাকেন্দ্ৰৰ বিষয়াসকলক নিৰ্দেশ দিয়া বুলিও তেওঁ অভিযোগ কৰে।

ইয়াৰ উপৰি যিবিলাক বিধান সভা সমষ্টিত ধৰ্মীয় সংখ্যালঘু আৰু আন সম্প্ৰদায়ৰ মানুহৰ মাজৰ সংখ্যাৰ ব্যৱধান কম তেনে সমষ্টি সমূহত এটা বিশেষ ধৰ্মৰ লোকসকলৰ নাম ব্যপকভাৱে কৰ্তনৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্দেশ দিয়া বুলিও তেওঁ মন্তব্য কৰে।

লগতে এই আটাইখিনি তথ্য ground level-অৰ পৰা জানিব পৰা বুলিও উল্লেখ কৰে।

ৰিপুণ বৰাই কয়, “চৰকাৰে এন আৰ চিৰ পৰা বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে। পাছত আইনী প্ৰক্ৰিয়াৰে সেই লোকসকল এন আৰ চিত অন্তৰ্ভুক্ত হওক তাত তেওঁলোকৰ আপত্তি নাই। কিন্তু নিৰ্বাচনৰ আগত ৰাজ্যখনত এটা ধৰ্মীয় মেৰুকৰণ হ’ব লাগে, এই উদ্দেশ্যত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোক ব্যৱহাৰ কৰি আছে।”

আনহাতে, এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভৰতীয় নাগৰিকসকলক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাই কংগ্ৰেছে আইনী প্ৰক্ৰিয়াৰে তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকক সকলো ধৰণৰ সহায় কৰিব বুলি ৰিপুণ বৰাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি বৰাই এন আৰ চি প্ৰক্ৰিয়াত হৈ থকা আৰু তেওঁ লাভ কৰা বিসংগতিসমূহৰ তথ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ওচৰত দাখিল কৰিব বুলিও জানিবলৈ দিয়ে।