এন আৰ চিকলৈ ৰাজ্যখনত চলি থকা নিত্য নতুন মোৰৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰত এজন লোকৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে ৩ ডিচেম্বৰত জলেশ্বৰৰ বাঁহমূৰা গাঁৱৰ আনোৱাৰ হুছেইনে তেওঁৰ জীয়ৰীৰ নামত নাগৰিকত্ব বিধি ২০০৩ ৰ পৰিশিষ্টৰ ৩(৪) ধাৰাৰ অধীনত জাৰি কৰা জাননী পত্ৰ লাভ কৰে। উক্ত পত্ৰ পাই দুঃচিন্তাত মানসিকভাৱে ভাগি পৰা লোকজনে এই সম্পৰ্কত কোনো লোকৰ পৰামৰ্শ বিচৰা নাছিল। উল্লেখযোগ্য যে আনোৱাৰ হুছেইনে তেওঁৰ জীয়ৰীৰ নামটো এন আৰ চিৰ তালিকাত অন্তৰ্ভুক্ত নহ’ব বুলি ধাৰণা কৰাৰ লগতে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব বুলি ভীতিগ্ৰস্ত হৈ পৰে। ফলত কালি নিশা তেওঁ নিজ গৃহতেই কীটনাশক দ্ৰব্য সেৱন কৰে। পুৱা পৰিয়ালৰ লোকে আনোৱাৰক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও তেওঁৰ চিকিৎসালয়লৈ নিয়া অৱস্থাতে মৃত্যু হয়। আনহাতে আজি কিছু দিন ধৰি অঞ্চলটোত এন আৰ চিৰ পৰা বহু লোকৰ নাম বাদ পৰিব বুলি এক উৰা বাতৰি প্ৰচাৰ হৈ আহিছিল। ইয়াৰ পৰিণতিতে আনোৱাৰে আতংকিত হৈ আত্মহত্যাৰ দৰে পথ বাচি লয় বুলি স্থানীয় ৰাইজে অনুমান কৰিছে।
এন আৰ চিক লৈ প্ৰচাৰিত উৰা বাতৰিক কেন্দ্ৰ কৰি এজনৰ আত্মহত্যা
-
By NE NOW NEWS
- Categories: অসম
Related Content
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ ব্যৰো
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ ব্যৰো
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ ব্যৰো
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ ব্যৰো
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
এন ই নাও নিউজ ব্যৰো
May 18, 2024 12:16 pm
শ্বাহৰুখক লৈ প্ৰীতি জিন্তাই কৰা মন্তব্যত তোলপাৰ বলীউডত! কি এনে কথা ক’লে প্ৰীতিয়ে?
By
এন ই নাও নিউজ ব্যৰো
May 18, 2024 11:57 am