এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে সৰ্বোচ্চ ন্যয়ালয়ে দিয়া নিৰ্দেশে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সম্ভাৱনাৰ পৰিৱৰ্তন ঘটাব

অহা ৩১ ডিচেম্বৰৰ মাজনিশাৰ ভিতৰত অসমৰ ২.৩৮ কোটি লোকৰ নাম সন্নিৱিষ্ট কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশে অহা বছৰৰ ফেব্ৰুৱাৰীৰ মাজভাগত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত সকলো ৰাজনৈতিক দলৰে সম্ভৱনাৰ ক্ষেত্ৰত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোক ৰাজ্যখনত বাস কৰি থকা অবৈধ বাংলাদেশীক চিনাক্তকৰণ হিচাপে গণ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মত হৈছে যে এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত নাগৰিকত্বহীন সকলে বৃহৎ আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰিব।

আগন্তুক অসমৰ পঞ্চায়ত নিৰ্বাচনটো বিজেপিৰ বাবে ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকৰ সমৰ্থন তেওঁলোকৰ লগত আছে নে নাই তাৰ এক ড়াঙৰ পৰীক্ষা হিচাপে বিবেচিত হোৱাৰ সময়তে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৱে দলটোক খুব সাৱধানেৰে আগবঢ়াৰ বাবে বাধ্য কৰিছে।

ইতিমধ্যে নামনি আৰু মধ্য অসমৰ প্ৰব্ৰজনকাৰী মুছলমান জনসাধাৰণৰ মাজত ধাৰণা হৈছে যে ডিচেম্বৰত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ খচৰাত তেওঁলোকৰ গৰিষ্ঠসংখ্যকৰে নাম নাথাকিব।

এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছতেই ৰাজ্যৰ জনসাধাৰণৰ মাজত অভিযোগ-প্ৰত্যাভিযোগেৰে  বিজেপি নেতৃত্বৰ মিত্ৰজোঁট আৰু কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মেৰুবিভাজন ঘটিব।

শুকুৰবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ এখন বৈঠকৰ পিছত দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ববাহী ৰাম মাধৱে কয়-‘’ এই পঞ্চায়ত নিৰ্বাচন অসম প্ৰদেশ বিজেপিৰ বাবে হ’ব এখন ৰিপ’ৰ্ট কাৰ্ড। ইয়ে প্ৰমান কৰিব দলটো ৰাজ্যখনৰ ৰাইজৰ মাজত কিমান গ্ৰহনযোগ্য বৰ্তি আছে।

ৰাজ্যখনৰ বৰ্তমান জনসংখ্যা প্ৰায় ৪ কোটি। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩.৬৭ কোটি। এন আৰ চিৰ প্ৰকাশ পাবলগীয়া খচৰাই ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৫৫ শতাংশ সামৰি ল’ব।

স্পৰ্শকাতৰ এন আৰ চি বিষয়ত সৰ্বোচ্চ নায়ালয়ে দিয়া ৰায়টোৱে অধিক আইন শৃংখলাজনিত সমস্যা সৃষ্টি কৰাৰ শংকা কৰি আৰু খচৰা প্ৰকাশ হোৱাৰ পিছতেই বিজেপি নেতৃত্বৰ চৰকাৰখনে সম্ভাৱ্য আইন শৃংখলাজনিত সমস্যাৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা অৰ্ধ সামৰিক বাহিনীৰ ৫০ টা কোম্পানী বিচাৰিছে।