এন আৰ চিৰ চূড়ান্ত খচৰাত খিলঞ্জীয়াৰ নাম বাদ পৰাটো দুৰ্ভাগ্যজনক : অনুপ চেতিয়া

anup chetia Photo

‘যিখন এন আৰ চিৰ খচৰা প্ৰকাশ পালে তাত বহুতো খিলঞ্জীয়া মানুহৰ নাম বাদ পৰি গৈছে। এই কথা বৰ দুৰ্ভাগ্যজনক,‘-বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিবস উপলক্ষে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানৰ অন্তত সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই।

উল্লেখ্য যে, এনআৰচিৰ চুড়ান্ত খচৰাৰ পৰা খিলঞ্জীয়া লোকৰ নাম বাদ পৰা বাবে ইয়াৰ পৰিমাণ ৪০ লাখ হৈছে বুলি তেওঁ সংবাদ মাধ্যমত সদৰী কৰাৰ লগতে কয় ‘ইমান ডাঙৰ এটা সংখ্যা নহ’ব বুলি আমি ভাবো।‘

‘এনআৰচি খনৰ জৰিয়তে খিলঞ্জীয়াৰ সুৰক্ষা হ’ব বুলি ভাবিছিলো,’ এইবুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘কিন্তু ইতিমধ্যে যিহেতু খচৰাত অবৈধ অনুপ্ৰবেশকাৰীসকলৰ নাম অন্তৰ্ভুক্ত হ’ল, গতিকে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হ’ব নে নাই সেই বিষয়ত সন্দিহান হৈ আছো।‘

আনহাতে, অবৈধ অনুপ্ৰবেশকাৰীৰ নামো এই খচৰাত অন্তৰ্ভুক্ত হৈছে বুলি সদৰী কৰি চেতিয়াই সংবাদমাধ্যমৰ জৰিয়তে এনআৰচি কৰ্তৃপক্ষক আহ্বান জনাই কয়, ‘এখন শুদ্ধ এনআৰচিৰ তালিকা প্ৰস্তুত হোৱাৰ লগতে প্ৰকৃত অনুপ্ৰৱেশকাৰীসকলৰ নাম বাদ পৰাটো বিচাৰো।‘

তাৎপয্যপূৰ্ণভাৱে এই অবৈধ অনুপ্ৰবেশকাৰীসকলক ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে বন্দী প্ৰত্যৰ্পণ চুক্তি কৰি তেওঁলোকক বাংলাদেশলৈ নিয়াৰ ব্যৱস্থা কৰিবৰ বাবে চেতিয়াই চৰকাৰক আহ্বান জনায়।

আনহাতে, যদি বাংলাদেশে এইসকলক গ্ৰহণ নকৰে, তেন্তে জাতীয় সংঘৰ শৰণাৰ্থীৰ বিষয়ক যি বিভাগ আছে, সেই বিভাগৰ সৈতে যোগাযোগ কৰি বিশ্বৰ বিভিন্ন দেশলৈ অবৈধ অনুপ্ৰবেশকাৰীসকলক পঠোৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ দাবী জনায়।

তদুপৰি, চিনাক্ত হোৱা অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতবৰ্ষৰ অন্য ৰাজ্যত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ সংবাদমাধ্যমৰ আগত কয়।

আনহাতে, অসমে ইতিমধ্যে ১৯৭১ চনলৈকে বৃহৎ পৰিমাণৰ বোজা গ্ৰহণ কৰিলে বুলি মন্তব্য কৰি তেওঁ লগতে কয়,  ‘গতিকে ৭১’ৰ পাছত অহা বিদেশীৰ বোজা ল’বলৈ অসম কেতিয়াও প্ৰস্তুত নহয়।‘