এন আৰ চিৰ পৰা নাম বাদ পৰিলেও শংকিত নহ’বলৈ জনসাধাৰণলৈ মুখ্য মন্ত্ৰীৰ আহ্বান

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃত্তিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোককে আজি মাজৰাতি প্ৰকাশ পাব লগীয়া এন আৰ চিৰ প্ৰথমখন খচৰাত নাম নাথাকিলেও শংকিত নহ’বলৈ আহ্বান জনাইছে। আহ্বানটোত মুখ্য মন্ত্ৰীজনে কয় যে ৰাজ্যখনৰ ৩৩খন জিলাৰ ৰাইজৰ সহযোগত এই কাম সম্ভৱ হৈ উঠিছে। খচৰ প্ৰস্তুতৰ সময়ত জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা আগ বঢ়াইছে তথা ধৈৰ্য্য আৰু আন্তৰিকতাৰে এই ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিছে বুলিও কয়। এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছতাৰে কৰা হৈছে আৰু সেই বাবে এই ক্ষেত্ৰত কোনো শংকিত হোৱাৰ অৱকাশ থাকিব নোৱাৰে।

আনহাতে ছ’চিয়েল মিডিয়া, যেনে- ফেচবুক, টুইটাৰ ইত্যাদিৰ জৰিয়তে এই ক্ষেত্ৰত কোনোবাই অপ-প্ৰচাৰ চলালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্য মন্ত্ৰীজনে বিবৃত্তিটোত কয়। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত দৃঢ়তাৰে সকলো দিশ পৰ্য্যৱেক্ষণ কৰি আছে বুলি কয়। তেওঁ কয় যে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, বিভিন্ন ধৰ্মাৱলম্ব লোকৰ বৃহত্তৰ এই সমাজখনত আমি সকলোৱে বন্ধুত্ব আৰু সমন্বয়ৰ ধাৰা অটুট ৰাখিব লাগিব। এইদৰে আগ বাঢ়িলে কোনো অশুভ শক্তিয়ে আমাৰ মাজৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতি বিনষ্ট কৰিব নোৱাৰে। লগতে মুখ্য মন্ত্ৰীজনে অসমৰ বৃহত্তৰ সমাজখনেই আমাৰ ঘৰ বুলিও উল্লেখ কৰি কয় যে কাৰোবাৰ নাম খচৰাত নাথাকিলেও কোনো শংকিত হ’ব নালাগে। যিসকলৰ নাম বাদ পৰি গৈছে তেওঁলোকে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আইনৰ সুবিধা আছে বুলি কয়। তাৎপৰ্য্যপূৰ্ণভাৱে বিবৃত্তিটোত কোৱা হয় যে কোনো বৈধ ভাৰতীয়ৰ নাম এন আৰ চিত বাদ পৰিলে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰে সহায় আগ বঢ়াব বুলি কয়। প্ৰতিগৰাকী বৈধ নাগৰিকৰ বাবে চৰকাৰে আন্তৰিকতা আৰু নিষ্ঠাৰে পদক্ষেপ ল’ব বুলিও মুখ্য মন্ত্ৰীজনে কয়।