এন আৰ চিৰ খচৰা প্ৰকাশৰ তাৰিখ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উক্ত ৰায়টোত উচ্চতম ন্যায়ালয়ে অহা ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশ পাব লাগিব বুলি চৰকাৰক জনাইছে। উল্লেখযোগ্য যে খচৰা প্ৰকাশ কৰাৰ সময়সীমা ৭ মাহ পিছুৱাবলৈ গৃহ মন্ত্ৰ্যালয় আৱেদন জনাইছিল। অৰ্থাৎ ৩১ জুলাইলৈ খচৰা প্ৰকাশৰ সময়সীমা পিছুৱাবলৈ আৱেদন কৰিছিল গৃহ মন্ত্ৰণালয়ে। আজিৰ ৰায়টোৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে মন্ত্ৰ্যালয়ৰ এই আৱেদন খাৰিজ কৰে। উল্লেখযোগ্য যে এই সম্পৰ্কীয় ৭খন আৱেদনক লৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণৰ অন্তত এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। ৰায়টোত এতিয়ালৈকে পৰীক্ষণ হোৱা ২ কোটি লোকৰ খচৰা প্ৰস্তুতৰ নিৰ্দেশ দিয়া হৈছে। বাকী অংশৰ খচৰা ২০ জানুৱাৰীৰ ভিতৰত প্ৰকাশৰ নিৰ্দেশ দিছে।
এন আৰ চি প্ৰসংগত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
মৰ্মান্তিক! এটা মৃত মুৰ্গীৰ বাবেই প্ৰাণ গ’ল তিনি যুৱকৰ
By
এন ই নাও নিউজ ব্যুৰো :
May 20, 2024 7:53 pm
অসমত দিনক দিনে বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা : স্বামীৰ চোকা অস্ত্ৰত প্ৰাণ গ’ল পত্নীৰ
By
এন ই নাও নিউজ ব্যুৰো :
May 20, 2024 4:05 pm
২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ"ক লৈ উখল-মাখল বোকাখাতৰ জাতীয় বিদ্যালয় বাকৰি
By
এন ই নাও নিউজ ব্যুৰো :
May 20, 2024 2:59 pm
ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ সাংসদ; বিচাৰি ভাৰতত উপস্থিত পৰিয়ালৰ সদস্য
By
এন ই নাও নিউজ ব্যুৰো :
May 20, 2024 2:07 pm
যাত্ৰীৰ অতিৰিক্ত ভিৰলৈ লক্ষ্য কৰি দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাচলৰ সময়সীমা বৃদ্ধি
By
এন ই নাও নিউজ ব্যুৰো :
May 20, 2024 12:33 pm
হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু, প্ৰাণ গ’ল দেশৰ বৈদেশিক মন্ত্ৰীৰো
By
এন ই নাও নিউজ ব্যুৰো :
May 20, 2024 11:05 am