এপিএছচি কেলেংকাৰী : ৰাকেশ পালসহ সাত জন অভিযুক্তক কাৰাগাৰতে জেৰা তদন্তকাৰী বিষয়াৰ

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল। ফাইল ফটো

ধনৰ বিনিময়ত এপিএছচিৰ চাকৰি বিক্ৰী কৰা কেলেংকাৰী মূল অভিযুক্ত তথা আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ লগতে জালিয়াতিৰে চাকৰি লাভ কৰা আন ছয়জন অভিযুক্ত বিষয়াক শুকুৰবাৰে তদন্তকাৰী বিষয়াই কাৰাগাৰতে জেৰা কৰে।

কাৰাগাৰত জেৰাৰ সন্মুখীন হোৱা বিষয়া কেইজনৰ ভিতৰত আছে বৰ্খাস্ত হোৱা তিনিজন এচিএছ বিষয়া দীপক খনিকৰ, বদৰুল ইছলাম খান আৰু কমল দেৱনাথ, কৰ অধীক্ষক বিকাশ কুমাৰ পিন্সা, মানস প্ৰতীম হালৈ আৰু জিলা পৰিবহন বিষয়া প্ৰসেনজিৎ ঘোষ।

নিলম্বিত অধ্যক্ষ পালৰ লগতে ৩৩জন বিষয়াক কাৰাগাৰতে জেৰাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন শুকুৰবাৰে বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰাৰ পিছতে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰ আৰু শুভাশিস বৰুৱাই কাৰাগাৰতে উক্ত সাতজন অভিযুক্তক জেৰা কৰে।

তদন্তকাৰী দলে তদন্তৰ সময়ত লাভ কৰা কিছু নতুন তথ্য-প্ৰমাণৰ আঁত ধৰি অভিযুক্ত কেইজনক জেৰা কৰে। তেওঁলোকক পৃথকে জেৰা কৰাৰ উপৰি মুখামুখিকৈ বহুৱাই জেৰা কৰা হয়।

আদালতে অভিযুক্তসকলৰ জেৰা সাত দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ তদন্তকাৰী বিষয়াক নিৰ্দেশ দিছে।

আনহাতে, ২০১৫ চনৰ এপিএছচিয়ে বাছনি কৰা কৃষি উন্নয়ন বিষয়াৰ চাকৰিত সংঘটিত কেলেংকাৰী সন্দৰ্ভতো তদন্ত অব্যাহত ৰখা গোচৰত অভিযুক্ত ৰাকেশ পাল আৰু নিলম্বিত সদস্য বসন্ত কুমাৰ দলেক কাৰাগাৰত জেৰাৰ কৰাৰ বাবে আদালতে অনুমতি দিছে।

এপিএছ চিৰ মূল গোচৰত জামিন লাভ কৰা ৰাকেশ পাল এই গোচৰটোতে বৰ্তমান কাৰাবন্দী হৈ আছে। আনহাতে এই গোচৰত অভিযুক্ত বসন্ত কুমাৰ দলেক অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।