এসময়ত অসমৰ ৰাজ্যিক ফুটবল দলক প্ৰতিনিধিত্ব কৰা শিৱসাগৰৰ তুলতুল দত্তৰ অৱস্থা অতি দুখজনক। পেটৰ ভাতমুঠিৰ বাবেও এতিয়া তেওঁ কঠোৰ সংগ্ৰাম কৰিব লগীয়া হয়। এসময়ৰ সুদক্ষ খেলুৱৈজনে এতিয়া বজাৰত পাচলিৰ দোকান দি জীৱনৰ নিম্নতম প্ৰয়োজনখিনি পূৰাবৰ চেষ্টাত ব্যস্ত থাকে। অথচ তেওঁ এসময়ত অসমক প্ৰতিনিধিত্ব কৰি সন্তোষ ট্ৰফীতো খেলিছিল। কিন্তু এসময়ত সফল খেলুৱৈ হিচাপে নাম থকাৰ পিছতো আজিলৈকে তেওঁ নাপালে অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চন। এয়া কেৱল আক্ষেপৰ কথাই নহয়, হতাশাৰো কাৰণ। অৱশ্যে প্ৰাক্তন খেলুৱৈ শ্ৰী দত্তই মনত কোনো আক্ষেপ নাই বুলি জানিবলৈ দিয়ে। তেওঁ জীৱন নিৰ্বাহৰ বাবে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কে পি চাৰিআলিত পথৰ কাষতে পাচলিৰ দোকান দিয়ে। তেওঁৰ প্ৰতি চকু মেলি চাবলৈ আৰু অন্ততঃ ক্ৰীড়া পেন্সনটো দিবলৈ অসম চৰকাৰক স্থানীয় ৰাইজে আহ্বান জনাইছে।