টকা দি চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত জড়িত ছজন এ পি এছ বিষয়াক আজি চৰকাৰে নিলম্বন কৰে। বহু চৰ্চিত এ পি এছ চি কেলেংকাৰিৰ তদন্ত অব্যাহত থকাৰ মাজতে আজি (বৃহস্পতিবাৰে) চৰকাৰৰ গৃহ বিভাগে ক্ৰমে দিলীপ কলিতা, ছবেৰা ইমৰান, জিতেন্দ্ৰ প্ৰসাদ বৰুৱা, হেমন্ত শইকীয়া আৰু জয়ন্ত কুমাৰ নাথক তেওঁলোকৰ অসম আৰক্ষী সেৱাৰ চাকৰিৰ পৰা নিলম্বন কৰি এখন নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে যোৱা ২২ নৱেম্বৰত একে ধৰণৰ এক নিৰ্দেশৰ জৰিয়তে ১০জন এ চি এছ বিষয়াক নিলম্বিত কৰিছিল। আৰক্ষীয়ে বৰ্তমান পৰ্য্যন্ত ২৩জন এ চি এছ, এ পি এছ আৰু এলাইড ছাৰ্ভিচৰ বিষয়াক নিলম্বিত কৰিছিল। আনহাতে আন দুগৰাকী অভিযুক্ত বিষয়া নিশামণি ডেকা আৰু ৰাকেশ গুপ্তাই এতিয়াও আত্মগোপন কৰি আছে। তদন্তত এই কথা জনা গৈছে যে এই অভিযুক্ত বিষয়াসকলে বেঁকা পথেৰে বহু প্ৰত্যাশিত পদবোৰত নিযুক্তি লাভ কৰিছিল।
এ পি এছ চিৰ কেলেংকাৰি : গ্ৰেপ্তাৰ কৰা ছজন এ পি এছ বিষয়াক নিলম্বন
-
By NE NOW NEWS
- Categories: অসম
Related Content
বৰ্ণবাদে সম্প্ৰীতিৰ বিহুক পৰিণত কৰিলে সাম্প্ৰদায়িকতালৈ! কোচে পতা বিহু চাই এঘৰীয়া হ’ল ২৬ টা নাথ পৰিয়াল
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 16, 2024 9:30 pm
অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ : যোগান বিভাগৰ নীতিৰ বিৰুদ্ধে সৰৱ আপ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 16, 2024 7:36 pm
চাঞ্চল্য! দিছপুৰৰ জনতা ভৱনৰ সমুখতে উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 16, 2024 4:20 pm
হিমন্ত উবাচ! "বিজেপিয়ে ৪০০ আসন লাভ কৰিলেই ঘূৰাই লোৱা হ'ব পাকিস্তান অধিকৃত কাশ্মীৰ"
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 16, 2024 3:26 pm
বিশেষ আদালতে PMLA অভিযোগ গ্ৰহণ কৰাৰ পিছত ইডিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে অভিযুক্তক: উচ্চতম ন্যায়ালয়
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 16, 2024 1:21 pm
আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিলে ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 16, 2024 11:41 am