• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিৱা বসতিপ্ৰধান অঞ্চলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তৰ দাবী তুলিলে তিৱা ৰজাসকলে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 9:13 am
TiwaRaja

ফাইল ফটো।

175
VIEWS
Share on FacebookShare on Twitter

তিৱা বসতিপ্ৰধান অঞ্চলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তৰ দাবী তুলিলে তিৱা ৰজাসকলে। মৰিগাওঁ জিলাৰ ধৰমতুলৰ আটিগাঁৱত পূব-উত্তৰখলা দেওৰজা-পৰিষদৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ঐতিহাসিক তিৱা ৰজাসকলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু ৰাজদৰবাৰৰ অন্তত এই দাবীৰ লগতে মুঠ ছটা প্ৰস্তাৱ গ্ৰহণ কৰিছে তিৱা ৰাজপৰিষদ, প্ৰতিনিধি আৰু ৰজাসকলৰ মাজত অনুষ্ঠিত সভাই।

এই প্ৰস্তাৱকেইটা হ’ল-  তিৱা ৰজাসকলক প্ৰদান কৰিব লগীয়া ৰাজভাত্তা নিয়মীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা, তিৱা বসতিপ্ৰধান অঞ্চলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, ৰাজ্যিক ৰাজধানীৰ পৰিসৰ তিৱা বসতিপ্ৰধান অঞ্চললৈ সম্প্ৰসাৰণ নকৰা, অসমৰ বনাঞ্চলত ২০০৬ চনৰ নীতি মতে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰা, তিৱা ভাষা চৰ্চা কেন্দ্ৰৰ শিক্ষকসকলৰ পদ নিয়মীয়া কৰা, অসমত থকা ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা।

উল্লেখযোগ্য যে বিগত তিনি বাৰৰ দৰে এইবাৰো যোৱা ২৪ আৰু ২৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত তিৱা ৰজাসকলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত তিৱা কৃষ্টি-সংস্কৃতি-সাহিত্যৰ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল। ২৪ ফেব্ৰুৱাৰিত ৰাজদৰবাৰৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ হোৱা ৰাজদৰবাৰত তিৱা ভাষাৰ কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, আলোচনাচক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক কাৰ্য্যসূচী আদি অনুষ্ঠিত হয়।

বিভিন্ন প্ৰান্তৰ তিৱা ৰজাসকলে অংশ গ্ৰহণ কৰা এই অধিৱেশনত তিৱা স্বায়ত্ত পৰিষদৰ বিষয়ববীয়া, তিৱা সাহিত্য সভাৰ সভাপতি লালছিং মাদাৰ, তিৱা সম্প্ৰদায়ৰ বিশিষ্ট লেখক তথা সাহিত্যক মিলেশ্বৰ পাটৰ আদিও উপস্থিত আছিল।

 

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd