ওদালগুৰিত এনআৰচি উন্নীতকৰণৰ অন্তিম পৰ্যায়ৰ কাম আৰম্ভ

NRC

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ দ্বিতীয় তথা অন্তিখন খচৰা প্ৰকাশ পাব। ইয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম আৰম্ভ হৈছে ওদালগুৰিত।

ইয়াৰ বাবে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়, আৱৰ্ত ভৱন আৰু ব্লক কাৰ্যালয় সমূহত বংশবৃক্ষ পৰীক্ষণকে আদি কৰি অন্যান্য যাৱতীয় কাম আৰম্ভ কৰা হৈছে।

অৱশ্যে উক্ত কেন্দ্ৰ সমূহত বংশবৃক্ষ পৰীক্ষণৰ বাবে উপস্থিত হোৱা লোক সকলে দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে। বিশেষকৈ সেৱা কেন্দ্ৰ সমূহত ন্যূনতম খোৱাপানীৰ ব্যৱস্থাও নথকাত ৰাইজে চৰম অসুবিধাৰ সন্মুখীন হৈছে।

উল্লেখযোগ্য যে যোৱা ৩১ ডিচেম্বৰৰ মাজনিশা ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত প্ৰায় ১.৯ কোটি লোকৰ নাম সন্নিবিষ্ট হৈ থকা প্ৰথমখন খচৰা প্ৰকাশ পাইছিল।

তাৰ পাছতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ দ্বিতীয় তথা অন্তিখন খচৰা প্ৰকাশ পাব বুলি ঘোষণা কৰা হৈছিল। সেয়েহে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো যুদ্ধকালীন ক্ষিপ্ৰতাৰে এনআৰচি উন্নীতকৰণৰ কাম আগবাঢ়িছে।

নিশ্চিতভাৱে এনআৰচি উন্নীতকৰণৰ এই কাম ক্ষিপ্ৰ গতিত সম্পন্ন হ’লে অসমবাসীয়ে এক ৰক্ষাকবচ লাভ কৰিব বুলি আশা কৰা হৈছে।