‘কমলা ৰাণী ২০১৭’ৰ শেষ হাঁহি সংগীতা থিয়ামৰ

মণিপুৰৰ ‘কমলা ৰাণী ২০১৭’ৰ শ্ৰেষ্ঠত্বৰ মুকুট খিতাপ সংগীতা থিয়ামে  অৰ্জন কৰিবলৈ সক্ষম হৈছে। মণিপুৰৰ টামেনলঙ জিলাত চলা সদ্যসমাপ্ত কমলা উৎসৱৰ লগত সংগতি ৰাখি আয়োজক কমিটিয়ে সৌন্দৰ্য প্ৰতিযোগিতা খনৰ আয়োজন কৰিছিল আৰু কালি নিশা ফলাফল ঘোষনা কৰে। প্ৰতিযোগিতা খনত দ্বিতীয় প্ৰতিযোগী হিচাপে অংশগ্ৰহন কৰা পশ্চিম ইম্ফলৰ নিবাসী সংগীতা থিয়ামে শ্ৰেষ্ঠত্বৰ মুকুট লাভ কৰে। আনহাতে লুমগাইলু পানমেই প্ৰথম ৰানাৰ্ছআপ আৰু কেইপিলা লভেটিয়ে দ্বিতীয় ৰানাৰ্ছআপ হিচাপে বিবেচিত হয়।

প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ডিজাইনাৰ হিচাপে ব্লেনদিনা নিৰ্বাচিত হয়। লগতে অন্যান্য ৮টা শিতানত ৮ গৰাকী প্ৰতিযোগীয়ে বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। মিছ কলজেনিয়েলিটি, লামগেইলু পানমেই, মিছ বিউটিফুল, আইজ আলিছিয়া ছাগোলছেম, মিছ বিউটিফুল স্কীন, কেইপিলা লভেটি, মিছ বিউটিফুল হেয়াৰ, আচং হাওকিপ, বেষ্ট কেটৱাক, সংগীতা থিয়াম, মিছ বিউটিফুল স্মাইল, এজেনেছ জেলিয়ানগ্ৰং, ফেছ অৱ  টামেনলঙ, খ্ৰীষ্টীনা থিউমাই, আৰু মিছ ফটোজেনিক, কেটিউনি ফ্ৰে কুইৰীয়ে পাবলৈ সক্ষম হৈছে।

শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগীক ১,৫০,০০০০ টকা, প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপক ক্ৰমে ৭৫,০০০০ আৰু ৫০,০০০ টকাৰে পুৰস্কৃত কৰে। বাকী ৮ গৰাকীক ১৫,০০০ টকাকৈ প্ৰদান কৰে।

প্ৰতিযোগিতা খনত অংশগ্ৰহন কৰা মুঠ ২৩ গৰাকী প্ৰতিযোগীক নতুন দিল্লীৰ জে ৰবাৰ্ট ৰভিউ পাওে প্ৰশিক্ষণ কৰিছিল। লক্ষ্যণীয় যে ১০ ডিচেম্বৰত কমলা উৎসৱৰ সামৰণি অনুষ্ঠানত প্ৰতিকুল বতৰৰ বাবে ‘কমলা ৰাণী ২০১৭’ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰাত কালি এই প্ৰতিযোগিতাৰ অন্ত পৰে।