কলিয়াবৰত আৱকাৰী বিভাগে জব্দ কৰে অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

মঙলবাৰে নিশা কলিয়াবৰত এখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ কৰা হয়। কলিয়াবৰ আৱকাৰী বিভাগে জব্দ কৰা এন এল ০৩ এ-৬১১১ নম্বৰৰ ট্ৰাকখনৰ পৰা বুজন পৰিমানৰ সুৰাৰ কাৰ্টন উদ্ধাৰ কৰা হয়।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত নগাঁও জিলাৰ আৱকাৰী অধীক্ষক মানবী দাসৰ নেতৃত্বত কলিয়াবৰৰ আৱকৰীৰ দলে চতিয়ালৰ পেট্ৰল পাম্পৰ সন্মুখৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সুৰাভৰ্তি ট্ৰাকখনক জব্দ কৰে। ট্ৰাকখনৰ লগতে দলটোৱে ইয়াৰ চালক ৰঞ্জন দেবনাথ আৰু হেণ্ডিমেন হৰমন সিঙকো আটক কৰে।

আৱকাৰী দলে সুৰাভৰ্তি বাহনখনক জব্দ কৰাৰ পিছতে কলিয়াবৰ আৰক্ষীৰ লগতে মহকুমাধিপতি বিতোপন নেওগ ঘটনাস্থলীত উপস্থিত হয়।

 সুৰাখিনি ৩৭নং ৰষ্ট্ৰীয় ঘাইপথৰে অৰুণাচলৰ ৰ’ইঙলৈ সৰবৰাহৰ চেষ্টা চলাই নগাঁও আৱকাৰী বিভাগৰ জালত জালত পৰা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ হাতত সুৰা সৰবৰাহৰ বৈধ নথি-পত্ৰ নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

জব্দ কৰা ট্ৰাকখনৰ পৰা জব্দ কৰা ৯৯২ কাৰ্টন সুৰাৰ বজাৰ মূল্য ২০ লাখ টকা হ’ব বুলি আবকাৰী দলটোৱে আমাক জানিবলৈ দিয়ে।