কাজাখস্তানৰ ৰাষ্ট্ৰদূতে সাক্ষাৎ কৰিলে অসমৰ ৰাজ্যপালক

ভাৰতত থকা কাজাখস্তানৰ ৰাষ্ট্ৰদূত বুলট ছাৰছেনবেয়ভে শনিবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীক ৰাজভৱনৰ তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে আৰু কাজাখস্তান আৰু অসমৰ মাজত সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহৰ বিকাশৰ সম্পৰ্কত আলোচনা কৰে।

অসম ভ্ৰমণৰত ৰাষ্ট্ৰদূত গৰাকীয়ে ৰাজ্যপাল মুখীক সাক্ষাৎ কৰি দুয়োগৰাকীয়ে পৰ্যটন, শক্তি আৰু দ্বিপাক্ষিক বাণিজ্যৰ বিষয়সমূহ আলোচনা কৰে। আলোচনা কালত কাজাখস্তানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে উল্লেখ কৰে যে কাজাখস্তানে ৭৫ শতাংশ অসমৰ চাহ ক্ৰয় কৰে। দেশখনত অসমৰ চাহৰ অতি উচ্চ চাহিদা আছে। তেওঁ অসমৰ পৰ্যটনৰ সম্ভাৱনা সম্পৰ্কে অতি উচ্চ মত পোষণ কৰি ইয়াৰ চাহ আৰু বন্যপ্ৰাণী পৰ্যটনৰ মুখ্য আকৰ্ষণ বুলি ব্যক্ত কৰে।

আনহাতে ৰাজ্যপাল মুখীয়ে গুৱাহাটীত অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰতি কাজাখস্তানৰ ৰাষ্ট্ৰদূতগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰি সন্মিলনত কাজাখনস্তানৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ছাৰছেনবেয়ভক অনুৰোধ জনায়।

তেওঁ লগতে বিনিয়োগ সন্মিলনৰ সময়ত এটা ব্যৱসায়িক প্ৰতিনিধি দল প্ৰেৰণ কৰি ৰাজ্যখনত বিনিয়োগৰ অনুকুল পৰিৱেশটো চাই যাবলৈ অনুৰোধ জনায়। দুয়োগৰাকীয়ে ভাৰত আৰু কাজাখস্তানৰ দুয়োখন দেশৰ জনসাধাৰণৰ মাজত থকা সাংস্কৃতিক তথা ঐতিহাসিক সাদৃশ্যৰ কথা সুৱঁৰি দেশ দুখনৰ মাজত বন্ধুত্ব তথা সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰদূত ছাৰছেনবেয়ভে লগতে ৰাজ্যপালগৰাকীক আশ্বাস দিয়ে যে প্ৰথমবাৰৰ বাবে অহা ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগ সন্মিলনত কাজাখস্তানৰ ফালৰ পৰা দেশখনৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ তেওঁ সকলোধৰণৰ সহায় আগবঢ়াব।