কাজিৰঙা পৰিদৰ্শন তিনি ব্ৰিটিছ উচ্চ পদস্থ বিষয়াৰ

আজি পুৱাৰ ভাগত বৃটিছ উপ উচ্চ আয়ুক্ত ব্ৰুছ বাকনেল সহযেগী দুজন উচ্চ পদস্থ বিষয়াৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ উদ্দেশ্যেৰে কাজিৰঙাত উপস্থিত হয়হি । কাজিৰঙা নৈসৰ্গিক দৃশ্যৰ লগতে বিশ্ব বিখ্যাত এশিঙীয়া গঁড় আৰু ভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ-জন্তু প্ৰত্যক্ষ কৰি অভিভুত হৈ পৰে বৃটিছ বিষয়া তিনিজন। আজি পুৱা তিনিওগৰাকীকে কাজিৰঙাত আদৰণি জনোৱাৰ পিছতে তেওঁলোকে কঁহৰা বনাঞ্চলত হাতীৰ পিঠিত উঠি গঁড়, ম’হ, হৰিণা, হাতী, বিভিন্ন প্ৰজাতিৰ পক্ষী প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰা দেখা যায়। কাজিৰঙাত প্ৰতি বৰ্ষতে গঁড়ৰ সংখ্যা বৃদ্ধিত সন্তোষ প্ৰকাশ কৰি তেওঁলোকে বনাঞ্চল কৰ্তৃপক্ষই কাজিৰঙা  সংৰক্ষণৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ শলাগ লয়। অৱশ্যে তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যানখনত অবাধ গতিত চোৰাংচিকাৰীৰ দ্বাৰা গঁড় নিধন হৈ থকা বিষয়টোক উদ্বেগ প্ৰকাশ কৰে। আনহাতে ব্ৰিটিছ বিষয়া তিনিওজনে আজি এটি সুন্দৰ পুৱা অতিবাহিত কৰা বুলি কোৱাৰ লগতে তেওঁলোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহিব বুলি জানিবলৈ দিয়ে।