কাজিৰঙা ষষ্ঠ সংযোজনৰ চৰ অঞ্চলত অবৈধভাৱে গঢ় লৈ উঠিছে একাংশ গৰু-ম’হৰ খুঁটি

Kaziranga-National-Park

এবাৰ বন বিভাগে উচ্ছেদ কৰাৰ পিছতো কাজিৰঙা ষষ্ঠ সংযোজনৰ অধীনস্থ বিহালীৰ বিভিন্ন চৰ অঞ্চলত পুনৰ অবৈধভাৱে গঢ় লৈ উঠিছে একাংশ গৰু-ম’হৰ খুঁটি।

উল্লেখযোগ্য যে যোৱা ১১ ফেব্ৰুৱাৰিত বিহালীৰ পল’কটা চাপৰিত সংঘটিত গঁড় হত্যাৰ ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আহোতে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই অঞ্চলটোত অসংখ্য গৰু-ম’হৰ খুঁটি দেখি আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে কাজিৰঙা নৰ্ডাৰ্ন ৰেঞ্জক ইয়াৰ বাবে ভৰ্ৎসনা কৰিছিল। বন মন্ত্ৰীৰ এই কঠোৰ স্থিতি দেখি বন বিভাগে তাৎক্ষণিকভাৱে উক্ত সন্ধিয়াই গৰু-ম’হৰ খুঁটিসমূহ জ্বলাই দি উচ্ছেদ অভিযান চলাইছিল।

কিন্তু লক্ষণীয়ভাৱে উচ্ছেদ অভিযনাৰ কেইদিনমানৰ পিছতে অঞ্চলটোত গৰু-ম’হৰ খুঁটিবোৰ পুনৰ স্থাপন হ’বলৈ ধৰিলে।

আনহাতে আজি কেইদিন মানৰ পূৰ্বে কাজিৰঙা নৰ্ডাৰ্ন ৰেঞ্জ আৰু বিশ্বনাথ আৰক্ষীয়ে গঁড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত এজন খুঁটীয়া গ্ৰেপ্তাৰ কৰাৰ পিছত এই গৰু-ম’হৰ খুঁটীয়াৰে চোৰাংচিকাৰীৰ সম্পৰ্ক থকা সন্দৰ্ভতো বন বিভাগ অনুসন্ধিৎসু হৈ পৰিছে। ইয়াৰোপৰি উক্ত চৰ অঞ্চলৰ গৰু-ম’হৰ খুঁটিতেই বাঘৰ নখ-ছালো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। পহু হত্যাৰো প্ৰমাণ পাইছে বন বিভাগে।

উল্লেখযোগ্য যে ১১ ফেব্ৰুৱাৰিত কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্গত পোলাকটা চাপৰিত সংঘটিত গঁড় হত্যা ঘটনাৰ পিছতে বন বিভাগে উত্তৰপাৰৰ সাধাৰণ মাছমৰীয়াকে ধৰি সকলো মৎস্যজীৱী লোককে মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছিল।

কিন্তু উত্তৰ পাৰৰ খাল-বিলত মাছ মাৰি পৰিয়াল পোহপাল দিয়া মাছমৰীয়া সকলৰ ক্ষেত্ৰত কঠোৰ হৈ পৰা বন বিভাগ গৰু-ম’হৰ খুঁটীয়াৰ প্ৰতি নৰম হোৱাত ৰহস্যৰ গোন্ধ পাইছে ৰাইজে। বন মন্ত্ৰীৰ কঠোৰ স্থিতি তথা নিৰ্দেশৰ পিছতো বন বিভাগে কিয় ব্যৱস্থা লোৱা নাই বা বন মন্ত্ৰীক সামান্য সক্ৰিয়তা দেখুৱাই দায়িত্ব এৰিলে সেই লৈ প্ৰশ্ন উঠিছে।