কাঠমাণ্ডুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে ধ্বংস হ’ল ইউ এছ-বাংলা এয়াৰলাইনছৰ বিমান : ৫০জন নিহত, ২০জন আহত

kathmandu-plane-crash-reuters_650x400_41520849982

দুৰ্ঘটনাত পতিত বাংলাদেশৰ বিমানখন।

আজি স্থানীয় সময় অনুসৰি বিয়লি ২:২০ বজাত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণৰ সময়তে বাংলাদেশৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৫০জন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে ২০জন আহত হয়।

বিমান বন্দৰটোৰ সূত্ৰমতে, ইউ এছ-বাংলা নামৰ বাংলাদেশৰ বিমান পৰিৱহণ সংস্থাটোৰ এছ২-এজিইউ বোম্বাৰ্ডিয়াৰ ডাশ্ব ৮কিউ৪০০ শ্ৰেণীৰ বিমানখন বিমানবন্দৰটোত অৱতৰণৰ সময়তে ৰানৱেইৰ বাহিৰত থকা এখন ফুটবল খেলপথাৰত পৰি ধ্বংস হোৱাৰ লগতে জুইৰ উৎপত্তি ঘটি বিমানখন জ্বলি উঠে। সেই সময়ত আন এখন বিমান যাবৰ বাবে ৰানৱেইটোত সাজু হৈ আছিল। বিমানখনৰ জুইৰ ধোঁৱাই সমগ্ৰ অঞ্চল আগুৰি ধৰে।

সূত্ৰটোৱে জনোৱা মতে ৭৮খন আসনযুক্ত বিমানখনত ৬৭গৰাকী যাত্ৰীৰ লগতে ৪জন বিমানকৰ্মী আছিল। আহত ২০জনক চিকিৎসালয়লৈ নিয়া হৈছে।

বিমানঘাটিটোত  দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ  ধোঁৱাৰ কুণ্ডলীৰ ফটো আৰু ভিডিঅ’ ইতিমধ্যে ছচিয়েল মেডিয়াত উপলব্ধ হৈ পৰিছে।