কুলদা কুমাৰ ভট্টাচাৰ্যলৈ এইবাৰৰ প্ৰাগ চিনে জীৱনজোৰা সাধনা বঁটা

IMG-20180404-WA0005

এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট ২০১৮’ গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্ণিল পৰিক্ৰমাক উদ্বুদ্ধ তথা অনুপ্ৰাণিত কৰাৰ মানসেৰে বিগত বৰ্ষৰ দৰে এইবাৰো এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে আয়োজন কৰিছে উত্তৰ-পূব ‘প্ৰাগ চিনে এৱাৰ্ড ২০১৮’।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলযোগে এই বিষয়ে সদৰী কৰে প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্টৰ সভানেত্ৰী মলয়া গোস্বামী আৰু মুখ্য পৃষ্ঠপোষক সঞ্জীৱ নাৰায়ণে।

২০১৮ বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ড মে’ মাহৰ শেষৰ সপ্তাহত গুৱাহাটীত অনুষ্ঠিত হ’ব। পাঁচ বছৰৰ মূৰত পুনৰ এইবাৰ গুৱাহাটীত প্ৰাগ চিনে এৱাৰ্ড অনুষ্ঠিত কৰা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰখ্যাত শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ২০১৮’ বৰ্ষৰ ‘প্ৰাগ চিনে এৱাৰ্ড উত্তৰ-পূব ২০১৮’ৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব।এই বঁটাত নগদ ধন, প্ৰমাণপত্ৰ, এখন চেলেং চাদৰ আৰু এটা উপহাৰৰ টোপোলা প্ৰদান কৰা হ’ব।

আনহাতে, প্ৰত্যেক বছৰৰ দৰে এইবাৰো আগবঢ়োৱা হ’ব ‘গ্ল’ৱেল আইকন বঁটা। এইবাৰ এই বঁটা প্ৰদান কৰা হ’ব অসম সন্তান তথা বলিউডৰ শব্দযন্ত্ৰী দেৱজিত চাংমাইক।

এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্টৰ কাৰ্যসূচীত ২০১৭ বৰ্ষৰ চেঞ্চৰ হোৱা সৰ্বমুঠ ৩২ খন চলচ্চিত্ৰৰ মাজৰ পৰা অসমীয়া আৰু অন্যান্য ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠত্বৰ ভিত্তিত বঁটাসমূহ প্ৰদান কৰা হ’ব।

ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলক সামৰি প্ৰদান কৰা হ’ব শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। তদুপৰি, প্ৰাগ চিনে এৱাৰ্ডৰ কাৰ্যসূচীত স্থানীয় শিল্পীৰ লগতে উত্তৰ-পূবৰ ভালসংখ্যক তাৰকা আৰু বলিউডৰ জনপ্ৰিয় তাৰকাই অংশগ্ৰহণ কৰিব। এইবাৰ প্ৰায় চাৰি শতাধিক শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰাগ চিনে এৱাৰ্ডৰ প্ৰাক্তন সভাপতি তথা যশস্বী অভিনেতা বিজু ফুকনৰ স্মৃতিত উক্ত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।