বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিত পকী দলং আৰু পকী পথ বিচাৰি আজি বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি আন্দোলনৰ বাবে ৰাজপথত নামিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৷
পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে মহকুমাধিপতিৰ জৰিয়তে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰালৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাঙলু বিলৰ ওপৰত থকা ৰাঙলু-শুকানীগাঁও সংযোগী দলংখন দীৰ্ঘদিন ধৰি ভাঙি পৰি আছে। যাৰ বাবে মাজৰমাটি, বড়িগাঁও, ৰজাগাঁও, শুকানীগাঁও, জাপৰি পথাৰ, তামুলী পথাৰ গাঁৱৰ ৰাইজে দলংখন নথকাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভোগি আহিছে ৷
গাঁওবাসীৰ লগতে তামুলীপথাৰ প্ৰাথমিক বিদ্যালয় আৰু তামুলীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আহোতে দলংখন নথকাৰ বাবে বহু দুৰ বাট কুৰি বাই বিদ্যালয়লৈ যাব আৰু আহিব লগা হয় ৷ ফলত ছাত্ৰ-ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈ আহিছে ৷
দলংখনৰ লগতে জৰাজীৰ্ণ বাট পথৰ বাবে এজাক বৰষুণ দিলেই ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাব নোৱাৰা অৱস্থাৰ সন্মুখীন হয় ৷ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে পূৰ্বৰ বিধায়ক আৰু বৰ্তমানৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাকো লিখিত আবেদন জনোৱাৰ পিছতো এইক্ষেত্ৰত কোনো ফল ধৰা নাই।
যাৰ বাবে আজি জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগত শ্ৰেণী কোঠা এৰি দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গাঁওবাসী ৰাইজে প্ৰতিবাদী সমদল বাহিৰ কৰি পূব কাজিৰঙা গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰে ৷ প্ৰতিবাদকাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অতুল বৰা মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, আমাক দলং লাগিবই, আমাক পকী পথ লাগিবই আদি ধ্বনিৰে পঞ্চায়তৰ কাৰ্যালয় চৌহদৰ পৰিবেশ উত্তাল কৰি তোলে ৷
প্ৰতিবাদস্থলীত দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাস উপস্থিত হোৱাত প্ৰতিবাদকাৰীয়ে মহকুমাধিপতিৰ প্ৰতিনিধি হিচাপে অহা ৰাজহ চক্ৰ বিষয়া গৰাকীক ৰাঙলু-শুকানীগাঁও সংযোগী দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি যাতায়ত সুচল কৰাৰ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে ৰাজহ চক্ৰ বিষয়া গৰাকীৰ হাতত মহকুমাধিপতিৰ যোগেদি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।