কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দ্বাদশ শ্ৰেনীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে পৰিষদে।
আজি পৰিষদে ঘোষণা কৰা ফলাফল অনুসৰি মুঠ চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.০১ শতাংশ । ইয়াৰ বিপৰীতে ইয়াৰ পূৰ্বৰ বছৰত উত্তীৰ্ণৰ হাৰ আছিল ৮২.০২ শতাংশ। অৰ্থাৎ চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ প্ৰায় ১ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ দেশৰ মুঠ ৪,১৩৮টা পৰীক্ষা কেন্দ্ৰত ১১,৮৬,৩০৬গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল চিবিএছইৰ দ্বাদশ শ্ৰেনীৰ পৰীক্ষাত।
সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি মতে এই পৰীক্ষাত সমগ্ৰ দেশৰ ভিতৰতে মুঠ ৪৯৯ নম্বৰ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰিছে দিল্লীৰ ‘ষ্টেপ বাই ষ্টেপ স্কুল’ৰ মেঘনা শ্ৰীবাস্তৱে।
আনহাতে ত্ৰিবান্দ্ৰমে ৯৭.৩২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাৰ বিপৰীতে ৯৩.৮৭ শতাংশৰে দ্বিতীয় স্থান লাভ কৰিছে চেন্নায়ে।ৰাজধানী দিল্লীয়ে ৮৯ শতাংশৰে তৃতায় স্থানত আছে।
বিশেষভাৱে উল্লেখযোগ্য বিষয় এইটোৱে যে এইবাৰো ছাত্ৰক চেৰ পেলাই ফলাফলত আধিপত্য বিস্তাৰ কৰিছে ছাত্ৰীয়ে।দেশজুৰি ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৩১ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৮.৯৯ শতাংশ।
আগ্ৰাহী ছাত্ৰ- ছাত্ৰীসকলে CBSE ৰ ৩টা ৱেবছাইট ক্ৰমে http://www.cbseresults.nic.in , http://www.cbse.nic.in আৰু http://www.results.nic.in ত ফলাফল সমূহ চাব পাৰে ছাত্ৰ-ছাত্ৰী সকলে।