কোকোৰাঝাৰ চালাকাটিত ৰে’লে কটা অৱস্থাত দুটা মতদেহ উদ্ধাৰ

কোকোৰাঝাৰৰ চালাকাটি অঞ্চলত আজি পুৱাৰ ভাগত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহ দুটাৰ এটা এজন প্ৰাপ্তবয়স্ক লোকৰ হোৱাৰ বিপৰীতে আনটো এটি শিশুৰ। মৃতদেহ দুটা চালাকাটি ৰেইলৱে’ লাইনত উদ্ধাৰ হৈছে। এক তথ্য অনুসৰি ৰেইলৰ খুন্দাত নিহত হোৱা লোকজনৰ নাম চন্দন হাচটা আৰু নিহত শিশুটিৰ নাম  সুনীল হাচটা (২) বুলি জানিব পৰা গৈছে। দুয়ো পিতা-পুত্ৰ আৰু তেওঁলোকৰ ঘৰ চালাকাটি চান্দিয়া গাওঁ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰেইলৱে আৰক্ষী বিষয়া কনক বসুমতাৰীয়ে জানিবলৈ দিয়া মতে, নিশা ২ মান বজাত ৰেইলৰ আগত জঁপিয়াই পিতা-পুত্ৰ দুয়ো আত্মহত্যা কৰে। আনহাতে এটা সূত্ৰই দাবী কৰা মতে চন্দনৰ ঘৰত তেওঁৰ আৰু তেওঁৰ পত্নীৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পৰিণতিত স্বামীয়ে আত্মহত্যা কৰা বুলি ৰেইলৱে আৰক্ষী বিষয়া কনক বসুমতাৰীয়ে সন্দেহ কৰিছে।

ৰেইল চালক জনে ৰেইল আৰক্ষীক জানিবলৈ দিয়া মতে নিশা দুইমান বজাত ৰেইল যোৱা চিৰিত পুত্ৰক কোলাত মানুহজন (চন্দন) লৈ শুই আছিল। নামনিমুৱা ৰেইলখনে গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱৰাত পিতা-পুত্ৰ দুয়োৰে ওপৰেৰে ৰেইলখন পাৰ হৈ যায় আৰু দুয়োৰে থিতাতে নিহত হয়।

আনহাতে চান্দিয়া গাঁৱৰ গাওঁবুঢ়াই ঘটনা সন্দৰ্ভত কয় যে তেওঁ মৃত চন্দন হাদচা আৰু তেওঁৰ পত্নীৰ ঘৰুৱা কন্দল তথা ঘৰুৱা সমস্যা থকা  বিষয়ে অৱগত নহয়। আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।