অলপতে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক পোৱা অসম জীয়ৰী অংকুশিতা বড়োক আজি বিপুলভাৱে আদৰণি জনোৱা হয়। তেওঁ প্ৰথমতে কোকৰাঝাৰ ‘ছাই’ (SAI) কমপ্লেক্সত ইয়াত প্ৰশিক্ষণ লৈ থকা খেলুৱৈসকলৰ সৈতে পৰিচয় হয় আৰু মত বিনিময় কৰে। তাৰ পাছত তেওঁক কোকৰাঝাৰ ৰিয়েলিটি পাব্লিক স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰাও বিপুল আদৰণি জনোৱা হয়। আদৰণি জনোৱাৰ সময়তে ৰিয়েলিটি পাব্লিক স্কুলৰ স্বত্ত্বাধিকাৰী ছুডাং কুমাৰ ব্ৰহ্মই অংকুশিতাক পঞ্চাচ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে আজি সন্ধিয়ালৈ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পাঁচ লাখ টকা আৰু ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে দুই লাখ টকাৰ আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে প্ৰদান কৰিব বুলি সূত্ৰটোৱে জনাইছে। উল্লেখযোগ্য যে বি টি চিৰ কৰ্তৃপক্ষ আৰু ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে অংকুশিতা বড়োক প্ৰতিযোগিতাখনত তেওঁ কৰা গৌৰৱময় প্ৰদৰ্শনৰ বাবে দুই লাখ টকাৰ আৰ্থিক সাহায্য ইতিপূৰ্বে ঘোষণা কৰিছিল। উল্লেখযোগ্য যে অসম চৰকাৰৰ ফালৰ পৰাও কৃতী খেলুৱৈগৰাকীলৈ দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
কোকৰাঝাৰত অংকুশিতাক বিপুল আদৰণি : আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰিব আৰ্থিক সাহায্য
-
By NE NOW NEWS
- Categories: অসম
Related Content
কিছুমান খাদ্যই বৃদ্ধি কৰিছে কিডনীৰ জটিলতা; জানি লওক কি খাদ্য খাব আৰু কি নাখাব!
By
কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী
September 8, 2024 7:48 am
ADRE : পৰীক্ষাৰ ভুৱা প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ আলহী হ’ল ধুবুৰীৰ যুৱক
By
কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী
September 7, 2024 9:07 pm
কিয় চেবিৰ অধ্যক্ষই পদত্যাগ কৰা উচিত?
By
কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী
September 7, 2024 7:14 pm
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে 'আপ'ৰ বিক্ষোভ : শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ আপ কৰ্মীৰ
By
কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী
September 7, 2024 6:58 pm
প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিলে অতীতৰ কথা
By
কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী
September 7, 2024 6:53 pm
আম আদমী পাৰ্টিৰ উদ্যোগত সুধাকণ্ঠৰ ৯৮ সংখ্যক জন্মজয়ন্তী
By
কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী
September 7, 2024 3:26 pm