কোকৰাঝাৰত ঘৰত আৱদ্ধ কৰি তিনিদিন ধৰি নিৰ্যাতন মহিলাক , মৃতদেহ উদ্ধাৰ

women tortured

কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেচাঁপানী গাওঁৰ নিবাসী সৰপত আলি সেখৰ পুত্ৰ ইনছাৰ আলি সেখে  আদিবাসী জনগোষ্ঠীৰ মহিলা এগৰাকীক যোৱা তিনিদিন ধৰি নিজৰ ঘৰত গোপনে ৰাখি নিৰ্যাতন চলোৱাৰ পিছত কালি মহিলাগৰাকীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিপজৰী লৈ আত্মহত্যা কৰা মহিলা গৰাকীক  মাগুৰমাৰী অঞ্চলৰ হাকুৰবাৰীৰ সাৰস লাক্ৰা বুলি  জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰনী মতে যোৱা তিনিদিন পূৰ্বে চেচাঁপানী গাওঁৰ ইনছাৰ আলি সেখে হাকুৰবাৰী অঞ্চলৰ পৰা আদিবাসী জনগোষ্ঠীৰ বিবাহিতা মহিলা এগৰাকীক ফুচলাই নিজৰ ঘৰলৈ লৈ আহে ৷ ইয়াৰ পিছতে মহিলা গৰাকীক নিজৰ ঘৰত ৰাখি ইনছাৰ আলি সেখে তিনিদিন ধৰি নিৰ্যাতন চলায় ৷ ইপিনে মহিলা গৰাকীয়ে ইনছাৰ আলি সেখৰ নিৰ্যাতন সহিব নোৱাৰি কেইবাবাৰো নিজৰ ঘৰলৈ যাব বিচাৰে যদিও ইনছাৰ আলি সেখ আৰু তেওঁৰ পৰিয়াল বৰ্গই সাৰস লাক্ৰাক ঘৰলৈ যোৱাত বাধা প্ৰদান কৰে । মহিলা গৰাকীয়ে নিজৰ ঘৰত যাবলৈ চেষ্টা চলোৱা আৰু ইনছাৰ আলি সেখ আৰু তেওঁৰ পৰিয়াল বৰ্গই মহিলা গৰাকীক যাবলৈ নিদিয়াত দেওঁবাৰে সন্ধিয়া গাওঁৰ কেইবাগৰাকী লোকৰ উপস্থিতিত এক গাওঁসভা অনুষ্ঠিত হয় ৷ উক্ত গাওঁসভাত  মহিলা গৰাকীক ইনছাৰ আলি সেখে অপহৰণ কৰি নিজৰ ঘৰত ৰাখিলে নে আন কিবা কাৰণত লৈ আহিলে সেই বিষয়ে কোনো সিদ্ধান্ত নোলোৱাত মহিলাগৰাকী মানসিকভাৱে ভাগি পৰে আৰু কালি ৰাতিপুৱা প্ৰায় ৮ বজাত ঘৰৰ ভিতৰত চিপজৰী লৈ আত্মহত্যা কৰে ৷ লক্ষণীয়ভাৱে গাওঁসভাৰ কোনো এজন লোকে বিবাহিত মহিলাগৰাকীক ইনছাৰ আলি সেখে অবৈধভাৱে ৰখাৰ সন্দৰ্ভতো আৰক্ষী থানাতো অৱগত নকৰিলে।মহিলাগৰাকীয়ে সৰু এটা কাঠৰ খুটাত গামোছাৰে চিপ লোৱা বুলি ইনছাৰ আলিৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই আত্মহত্যা কৰা মহিলাগৰাকীক চিপজৰীৰ পৰা খুলি মাটিত শুৱাই থোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু এয়া আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি মন্তব্য কৰিছে । ঘটনাটো যথেষ্ট ৰহস্যজনক বুলি মন্তব্য কৰি আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখা বুলি সদৰি কৰিছে । আনহাতে ইনছাৰ আলি সেখ সম্প্ৰতি পলাতক যদিও আৰক্ষীয়ে ইনছাৰ আলি সেখক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।