• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ, কৃতি শিক্ষক সমাজকৰ্মী মিঠাৰাম গগৈৰ পৰলোক›প্ৰাপ্তি

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
January 11, 2018 8:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ খনামুখ অঞ্চলৰ এক মাত্ৰ উচ্চ শিক্ষানুষ্ঠান খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ (ভাৰপ্ৰাপ্ত), শিৱসাগৰ জিলাৰ কৃতি শিক্ষকৰ বঁটা প্ৰাপক, শিৱসাগৰ জিলা গ্ৰাম্য পুথি ভঁৰাল সন্থাৰ প্ৰাক্তন উপ-সভাপতি  ,শিৱসাগৰ জিলা মাধ্যমিক শিক্ষক সন্থাৰ সদস্য তথা খনামুখ ২ নং মাউত গাওঁ নিবাসী  মিঠাৰাম গগৈৰ নিশা প্ৰায় এক বজাত হৃদজনিত ৰোগত  আক্ৰান্ত হৈ শিৱসাগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল  ৬৩ বছৰ । পৰিয়ালৰ লোকে  জানিবলৈ দিয়া মতে কালি সন্ধিয়াৰ ভাগত হঠাৎ অসুস্থ হৈ পৰা শিক্ষাবিদগৰাকীক ততাতৈয়াকৈ শিৱসাগৰৰ আদিত্য হস্পিটেলত ভৰ্ত্তি কৰা হৈছিল যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

আজি তেওঁৰ মৃতদেহ নিজগৃহলৈ অনাৰ পাছত আজীৱন কৰ্মস্থলী খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনলৈ নিয়া হয় আৰু তাতেই  বিদ্যালয়ৰ অধ্যক্ষ মাণিক  লাহনকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী  আৰু ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাবিদ গৰাকীৰ নশ্বৰদেহত পুস্পাঞ্জলী অপৰ্ণ  কৰাৰ লগতে ¸  বিদ্যালয়খনলৈ তেখেতে  আগবঢ়াই থৈ যোৱা অন্যবদ্য সেৱাৰ কথা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি আবেগিক হৈ পৰে।

২০১৫ চনৰ ১১ মে’ত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰা  নিৰ্জু, স্বল্পভাষী, গম্ভীৰ ব্যক্তিত্বৰ এই গৰাকী শিক্ষাবিদ অঞ্চলটোৰ  অন্যতম সামাজিক-সাংস্কৃতিক  অনুষ্ঠান খনামুখ শ্ৰীশ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ গুৰিয়াল আছিল । ইয়াৰোপৰি খনামুখ ২ নং মাউত গাওঁ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি, খনামুখ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াই থৈ গৈছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসম হাই¦স্কুল শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে সেৱা আগবঢ়াই অহা গগৈয়ে কালি নিজেই শিৱসাগৰৰ পৰা স্বাস্থ্য পৰীক্ষাৰ কাগজ সমূহ সংগ্ৰহ কৰি আগন্তক ভোগালী বিহুত চেলুনত ভিৰ হ’ব বুলি ভাবি চুলি-ডাঢ়ি কাটি ৰং সানি পৰিয়ালৰ সৈতে মাঘ বিহুৰ উপভোগ কৰিবৰ কাৰণে সাজু হোৱা শিক্ষক জনৰ আকস্মিক বিয়োগে পৰিয়ালটোৰ লগতে সমগ্ৰ খনামুখ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ।

তেওঁৰ মৃত্যুত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়,খনামুখ মজলীয়া বিদ্যালয়,খনামুখ ২ নং মাউত গাওঁ নামঘৰ সমাজ, শিৱসাগৰ জিলা গ্ৰাম্য পুথি ভৰাঁল সন্থা, সদৌ অসম গ্ৰাম্য পুথি ভৰাঁল সন্থা , খনামুখ শ্ৰীশ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰ, খনামুখ আঞ্চলিক বিহু সুৰক্ষা সমিতি, খনামুখ গাওঁ পঞ্চায়ত, খনামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, চাৰিং দুৰ্ল্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চ মাধ্যমিক বিদ্যালয়,মাধ্যমিক শিক্ষক সংস্থাকে ধৰি খনামুখৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

ইয়াৰোপৰি সদৌ অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰশান্ত কুমাৰ দত্তই প্ৰাক্তন সতীৰ্থ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।  উল্লেখ্য যে ২০১৬ চনৰ ১১মে’ত চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অসম হাই¦স্কুল সংস্থাৰ শিৱসাগৰ শাখাই  ৪৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণকালিন অধিৱেশনত এই গৰাকী শিক্ষাবিদক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাইছিল।

মৃত্যুৰ সময়ত তেওঁ  পত্নী তথা খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাস বিভাগৰ বিষয় শিক্ষয়িত্ৰী নমিজ্যোতি গগৈ , দুগৰাকী কন্যা আৰু বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd