২১জানুৱাৰিত খানাপাৰাত অনুষ্ঠিত হ’ব আৰ এছ এছৰ ‘লুইত পৰীয়া হিন্দু সমাৱেশ’

আৰএছ এছ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশাল হিন্দু সমাৱেশ। অহা ২১জানুৱাৰিত খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই সমাৱেশক আৰ এছ এছে নাম দিছে ‘লুইত পৰীয়া হিন্দু সমাৱেশ’। সৰসংঘচালক মোহন ভাগৱতে অংশলবলগীয়া বিশাল হিন্দু সমাৱেশৰ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি সোমবাৰে আৰ এছ এছৰ উত্তৰ অসমৰ সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে আৰ এছ এছৰ ৩১হাজাৰ সদস্যই ইউনিফৰ্ম পৰিধান কৰি সমাৱেশত অংশ ল’ব। আৰু ৰাজ্যৰ চৌদিশৰ পৰা প্ৰায় ৪০ হাজাৰ লোক আহি সমবেত হ’ব। এই সমাৱেশখন সফল ৰূপে পৰিগণিত কৰিবৰ বাবে বিগত দুইবছৰৰ পৰা প্ৰস্তুতি চলাই আছো আৰু উত্তৰ অসমৰ প্ৰায় ৫০শতাংশ পঞ্চায়ত পৰ্যায়ৰ পৰা স্বয়ংসেৱক আৰু লোকক অংশগ্ৰহণ কৰোৱাৰ পৰিকল্পনা কৰিছো বুলি ডাঃ শৰ্মাই কয়।

উক্ত সমাৱেশত ৩১হাজাৰ সদস্যই একেলগে পৰিৱেশন কৰিব সমাৱেশৰ বাবে প্ৰস্তুত কৰি উলিওৱা গীত। লগতে সমাৱেশখনত অংশগ্ৰহণ কৰাৰ বাবে বিভিন্ন অঞ্চলৰ সন্মানীয় ব্যক্তি সকলৰ উপৰি সত্ৰৰ সত্ৰাধিকাৰ সকল, জনজাতীয় ৰজা, আচাৰ্য আদিকে ধৰি বিভিন্ন লোকক আমন্ত্ৰিত কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আনহাতে গুৱাহাটী মহানগৰীৰে প্ৰায় ২০০০ হাজাৰ লোকক হিন্দু সমাৱেশত অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনোৱা বুলিও সদৰী কৰে।

সমাৱেশৰ কাৰ্যসূচীৰ কথা সংবাদ মাধ্যমৰ আগত দাঙি ধৰি শৰ্মাই কয় যে ২১ জানুৱাৰী তাৰিখে দিনৰ দুই বজাৰ পৰা বিয়লি ৩.৪৫বজালৈ চলিব এই সমাৱেশ। এই সমাৱেশৰ অন্ত পৰাৰ পিছতে মোহন ভাগৱতৰ তত্বাৱধানত লখৰাস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত সন্ধিয়া ৬.৩০বজাৰ পৰা ২২জানুৱাৰি তাৰিখৰ বিয়লি ৪ বজালৈ চলিব এখন সাংগঠনিক সভা। আৰ এছ এছে আয়োজন কৰা সমাৱেশ তথা সাংগঠনিক সভাৰ মূল উদ্দেশ্য হ’ল সংগঠনৰ কাৰ্য বিস্তাৰ কৰা আৰু সমাজত শান্তি সম্প্ৰীতি, একতা তথা ভাতৃত্ববোধ বৃদ্ধি কৰা।