গণহিংসাৰ ঘটনা ৰোধৰ প্ৰচেষ্টা : ত্ৰিপুৰা আৰু অসমত সীমাবদ্ধ হ’ব হোৱাটছএপৰ ফৰৱাৰ্ড সেৱা

whatsapp-pic-edited-570x320

অসম আৰু ত্ৰিপুৰাত সংঘটিত গণহিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত হোৱাটছএপে ইয়াৰ মেছেজ ফৰৱাৰ্ড সেৱা সীমিত কৰাৰ  সিদ্ধান্ত  লৈছে। মেছেজিং সেৱা প্ৰদানকাৰী কোম্পানী হোৱাটছএপৰ  এই  সিদ্ধান্ত উত্তৰ-পূৰ্বাঞ্চলৰ  অসম আৰু ত্ৰিপুৰাত কাৰ্যকৰী হোৱাকৈ মেছেজ ফৰৱাৰ্ড কৰাৰ ক্ষেত্ৰত এই সীমাৰেখা টানিছে।

ভাৰত চৰকাৰৰ পৰামৰ্শক্ৰমে গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি হোৱাটছএপে বাৰ্তা ফৰৱাৰ্ডৰ ক্ষেত্ৰত ৫জনলৈকে সীমাবদ্ধ কৰিছে।  এয়া ব্যক্তি আৰু গ্ৰুপ দুয়োটা ক্ষেত্ৰতেই প্ৰযোজ্য হ’ব। মেছেজিং এপটোৱে ইয়াত সন্নিবিষ্ট কুইক ফৰৱাৰ্ড বাটনটোও বিকল কৰি দিয়াৰ সিদ্ধান্ত কৰিছে।

উল্লেখ্য যে উত্তৰ-পূৱত ক্ৰমশ বাঢ়ি অহা অপপ্ৰচাৰ আৰু গণহিংসাত্মক ঘটনাক লেকাম লগোৱাৰ বাবে ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা হোৱাটছএপক বাৰ্তা ফৰৱাৰ্ড কৰাৰ ক্ষেত্ৰত সীমাবদ্ধ আৰোপ কৰাৰ বাবে পৰামৰ্শ দিয়াৰ পাছত কোম্পানীটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ঘাইকৈ ছচিয়েল মেডিয়া আৰু মেছেজিং সেৱাসমূহৰ জড়িয়তে ভূৱা আৰু চিত্ৰ, ভিডিঅ’ সম্বলিত প্ৰৰোচনামূলক বাৰ্তা বিয়পি যোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ কেইবাটাও গণহিংসাত্মক ঘটনা সংঘটিত হৈছে। এয়া ভাৰতৰ সকলো ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি হোৱাটছএপৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখ্য যে বৰ্তমান ভাৰতত ২০০,০০০,০০০তকৈও অধিক সংখক হোৱাটছএপ ব্যৱহাৰকাৰী আছে।

উল্লেখ্য যে অসম, মণিপুৰৰ লগতে শেহতীয়াভাৱে ত্ৰিপুৰাতো কেইটামান গণহিংসা আৰু ৰাজহুৱা নিৰ্বিচাৰ শাস্তি আৰু হত্যাৰ বলি হোৱাৰ ঘটনা সংঘতিত হৈছে। জুন মাহৰ ২৮ তাৰিখে দক্ষিণ ত্ৰিপুৰা জিলাৰ কালাচ্চাৰাত ত্ৰিপুৰাৰ তথ্য আৰু সংস্কৃতি বিভাগে নিয়োগ কৰা এগৰাকী ব্যক্তি সোপাধৰাৰ সন্দেহ ৰাজহুৱা নিৰ্বিচাৰ শাস্তি আৰু হত্যাৰ বলি হোৱাৰ ঘটনা সংঘটিত হৈছিল। একে দিনাই পশ্চিম ত্ৰিপুৰাতো উত্তৰ প্ৰদেশৰ পৰা অহা এজন হ’কাৰ আৰু  এগৰাকী অচিনাক্ত মহিলাক সোপাধৰা সন্দেহত ৰাজহুৱাভাৱে হত্যা কৰা হৈছিল।