গণৰাজ্য দিৱস উদযাপনৰ মাজতে তিনিচুকীয়াৰ জাগুণত বোমা বিস্ফোৰণ

বিস্ফোৰণ সংঘটিত হোৱা ঠাই

৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ মাজতে তিনিচুকীয়াৰ জাগুণত সংঘটিত হ’ল বোমা বিস্ফোৰণ। ৰাজ্যৰ চৌদিশে গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে শুকুৰবাৰে ৰাতিপুৱা তিনিচুকিয়াৰ জাগুণ আৰক্ষী থানাৰ অন্তৰ্গত জাগুণ বজাৰত সংঘটিত হয় এই বিস্ফোৰণ। এই পৰ্যন্ত বিস্ফোৰণত কোনো লোক হতাহতি হোৱা নাই বুলি খবৰ লাভ কৰা গৈছে।

তিনিচুকীয়াৰ জিলা আৰক্ষী অধীক্ষক মুধ্যজ্যোতি মহন্তই এন ই নাওক জানিবলৈ দিয়ে, ‘আমি এই বিস্ফোৰণৰ আঁৰত আলফা(স্ব) জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছো। বিস্ফোৰণটো অতি কম প্ৰাৱল্যৰ আছিল। তেওঁলোকে বিস্ফোৰণ সংঘটিত কৰাৰ বাবে সময় নিৰ্ধাৰিত কৰিছিল। আলফা(স্ব)য়ে নিজৰ ক্ষমতা প্ৰদৰ্শন তথা তেওঁলোকৰ উপস্থিতি প্ৰমাণ কৰাৰ উদ্দেশ্যে এই বিস্ফোৰণটো সংঘটিত কৰিছে’।

তদুপৰি তিনিচুকীয়া-অৰুণাচল সীমান্তত সন্ত্ৰাসবিৰোধী অভিযান পূৰ্ণগতিত চলোৱা হৈছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

‘আলফা(স্ব)য়ে উজনি অসমত সন্ত্ৰাস সৃষ্টি কৰাৰ মানসিকতাৰে তথা নিজৰ শক্তি প্ৰদৰ্শন কৰি ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহৰ লক্ষ্য কৰিয়েই এই বোমা বিস্ফোৰণ সংঘটিত কৰিছে’, এক সূত্ৰই এনেদৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যবাসীকে আলফা(স্ব)য়ে ৬৯ সংখ্যক গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছিল, কিন্তু এই আহ্বানৰ কোনো সহাৰি লাভ নকৰি  ইয়াৰ প্ৰতিবাদতে এই বিস্ফোৰণ সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। মনকৰিবলগীয়া যে এই সন্ত্ৰাসবাদী দলটোৱে প্ৰত্যেকবছৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পূৰ্বে নিজৰ স্থিতি শক্তিশালী বুলি দেখুওৱাৰ বাবেই এনেধৰণৰ কূটাঘাত মূলক ঘটনা সংঘটিত কৰি আহিছে।

স্মৰ্তব্য যে আলফা(স্ব) আৰু এন এচ চি এনৰ এটা গোটে যোৱা ১৬ জানুৱাৰিৰ দিনা তিনিচুকিয়াৰ জাগুণ আৰক্ষী থানাৰ অন্তৰ্গত নামচিকত ৯ খন তেলৰ টেংকাৰতো অগ্মিসংযোগৰ দৰে ঘটনা সংঘটিত কৰিছিল।

‘আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণত কোনো লোক তথা সা-সম্পত্তিৰ বিনষ্ট হোৱা নাই। নিষিদ্ধ ঘোষিত সংগঠনটোৱে গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ পিছতো সৰ্বত্ৰ দিশে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। আৰু সেয়া অসমৰ ৰাইজৰ শান্তি, একতাকে পুনৰ প্ৰমাণ কৰে’, বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত প্ৰেছ বিবৃতিৰ জৰিয়তে সেনাই এইদৰে মত প্ৰকাশ কৰে।