গাঞ্জা মাফিয়াই মণিপুৰৰ ঠাইত ত্ৰিপুৰাত গঢ়ি তুলিছে গাঞ্জা উৎপাদন আৰু অবৈধ সৰবৰাহৰ নতুন ঘাটি

ৰবৰ খেতিৰ একাংশ.

আজি কিছু বছৰৰ আগলৈকে মণিপুৰ আছিল উত্তৰ-পূবৰ অবৈধ গাঞ্জাৰ নাভিকেন্দ্ৰ। যদিও গাঞ্জাক নিষিদ্ধ দ্ৰব্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে মণিপুৰৰ কিছুমান পাহাৰীয়া ঠাইত এইবোৰৰ মুকলিকৈ আৰু ব্যাপকভাৱে খেতি কৰা হয়। মূলতঃ মণিপুৰৰ উখৰুল জিলাৰ মহাদেৱ আৰু চিৰৰখঙৰ মাজৰ পাৰ্বত্য অঞ্চলটোৱে আছিল গাঞ্জা উৎপাদনৰ সৰ্ববৃহৎ কেন্দ্ৰ। অঞ্চলটোত উৎপাদিত গাঞ্জা মাফিয়াসকলে অন্যান্য ঠাইৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ শুকান গাঞ্জাৰ প্ৰচুৰ পৰিমাণে যোগান ধৰি আহিছিল। বিশেষভাৱে এই গাঞ্জাৰ উচ্চ চাহিদা আছে বিহাৰ আৰু উত্তৰ প্ৰদেশত।

আনহাতে উৎপাদন মণিপুৰত হ’লেও ৰাজ্যখনৰ ঘাই ঘাই গাঞ্জাৰ চোৰাং কাৰবাৰীসকলে প্ৰধানকৈ তেওঁলোকৰ কামকাজ নাগালেণ্ডৰ ডিমাপুৰ আৰু দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ পৰা চলায়। কিন্তু যোৱা কিছু বছৰৰ পৰা মণিপুৰত গাঞ্জা খেতি তথা সৰবৰাহৰ ওপৰত আইনী আৰোপ কঠোৰ কৰি দিয়াত এই গাঞ্জা মাফিয়াসকলে গাঞ্জা উৎপাদন তথা সৰবৰাহৰ নতুন ঘাটি স্থাপনৰ বাবে বাছি ল’লে ত্ৰিপুৰাক। এতিয়া ত্ৰিপুৰাই হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ গাঞ্জা সৰবৰাহৰ নাভিকেন্দ্ৰ।

ডাইৰেক্টৰেট অব ৰিভিনিও ইণ্টেলিজেন্স (DRI)ৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে যদিও এই নতুন ঘাটি স্থাপনৰ এবছৰৰ বেছি হ’ল, তেওঁলোকে অলপতেহে এই বিষয়ে জানিব পাৰিলে। যোৱা চাৰিমাহ মানৰ ভিতৰত সৰবৰাহ কৰোতে বৃহৎ পৰিমাণৰ গাঞ্জা বিভিন্ন ঠাইত ধৰা পৰা ঘটনাই প্ৰমাণ কৰে যে এইবোৰৰ প্ৰায় সকলোখিনিয়েই আহিছিল ত্ৰিপুৰাৰ পৰা। ইয়াৰ ভিতৰত আছে অলপতে অসমৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰঘাতত প্ৰায় ছশ কিলোগ্ৰামৰ শুকান গাঞ্জা কঢ়িয়াই অনা ট্ৰাক জব্দৰ ঘটনাটোও। ডি আৰু আই অনুসন্ধান কৰি গম পায় যে ত্ৰিপুৰা হৈ পৰিছে গাঞ্জা সৰবৰাহকাৰীৰ নতুন নাভিকেন্দ্ৰ। ‘হঠাতে আমাৰ দৃষ্টিগোচৰ হয় যে গাঞ্জ সৰবৰাহ ত্ৰিপুৰাৰ পৰা হ’বলৈ ধৰিছে।’ ডি আৰ আইৰ এজন জ্যেষ্ঠ বিষয়াই কয়। আৰক্ষীৰ হাতত ধৰা পৰা গাঞ্জা সৰবৰাহকাৰী গাড়ীৰ ড্ৰাইভাৰ-হেণ্ডিমেনৰ ভাষ্যতো এই সত্যটো প্ৰকাশ পায়।

আনহাতে আগষ্টত ডি আৰ আয়ে পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত ধৰা পেলোৱা ৮৪১ কিলোগ্ৰাম গাঞ্জাৰ উৎসও আছিল ত্ৰিপুৰা। সেইদৰে যোৱা ছেপ্টেম্বৰত বিহাৰলৈ চালান দিবলৈ লোৱা এহেজাৰ কিলোগ্ৰামৰ অধিক পৰিমাণৰ গাঞ্জা ধৰা পৰিছিল কাচাৰ জিলাৰ কাথিঘৰাত। এইখিনিৰো উৎস আছিল ত্ৰিপুৰা।

অধিক সূত্ৰৰ পম খেদি ডি আৰ আয়ে জানিব পাৰে যে উপৰোক্ত আটাইকেইটা ঘটনাত জব্দ হোৱা গাঞ্জাৰ উৎস আছিল ত্ৰিপুৰাৰ ছেপাহিজালাৰ জিলাৰ বিশালগৰ। ছেপাহিজালাৰ সমগ্ৰ অঞ্চলতে আছে ৰবৰৰ খেতি। এই ৰবৰৰ খেতিৰ ঘন বনাঞ্চলতে গাঞ্জা মাফিয়াই থলুৱা বহু লোকক ধন দি খেতি কৰাইছে গাঞ্জাৰ। ৰবৰ খেতিৰ বাবে তথা ঘন সেউজ বনাঞ্চল বাবে সহজে চকুত নপৰে আৰক্ষী অথবা আইনী কৰ্তৃপক্ষসমূহৰ। গাঞ্জাৰ মাফিয়াসকলৰ সুবিধা সেইখিনিতে। তাৰোপৰি তেওঁলোকে সুবিধা লৈছে এই নতুন ঘাটিৰ অন্যভাৱেও। নতুন ঠাইত হোৱা বাবে এইবোৰ লোকচক্ষুৰ আঁৰত থাকে আৰু আইনী কৰ্তৃপক্ষৰ সন্দেহৰ পৰাও আঁৰ হৈ থকাৰ সুযোগ পায়। আনহাতে ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ এইবোৰ চালান দিয়া সহজ। গতিকে চোৰাং কাৰবাৰীসকলে পূৰ্বৰ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লগতে নতুনকৈ লাভ কৰিছে বাংলাদেশৰ ৰূপত এক বৃহৎ বজাৰ।

জানিব পৰামতে বিষয়টো সন্দৰ্ভত ডি আৰ আইৰ বিষয়াসকলে ইতিপূৰ্বে ৰাবাৰ ব’ৰ্ডৰ সৈতে যোগাযোগ কৰিছে আৰু ছেপাহিজালাৰ প্ৰশাসনক তাৎক্ষণিকভাৱে গাঞ্জা খেতি ধ্বংস কৰিবলৈ আহ্বান জনাইছে।