গুজাৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফলত মেঘালয় বিজেপিৰ আনন্দোৎসৱ

আজি গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছতে দলটোৱে চৰকাৰ গঠন কৰিব পৰাকৈ আসন লাভ কৰাত উৎফুল্ল হৈ পৰিছে নিৰ্বাচন অভিমুখী মেঘালয়ৰ ৰাজ্যিক বিজেপি। অলপতে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যখন ভ্ৰমণ কৰি ৰাজ্যিক পৰ্য্যায়ৰ নেতা-কৰ্মীসকলক উৎসাহিত কৰি গৈছিল। আজিৰ নিৰ্বাচনী ফলাফলে সেই উৎসাহ দুগুণ কৰি তোলে। ‘গুজৰাট আৰু হিমাচল প্ৰদেশত আমাৰ দলৰ বিজয়ে মেঘালয়ৰ ৰাজনীতিত বৃহৎ প্ৰভাৱ পেলাব, যিহেতু আমি অহা বছৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছো। ৰাজ্য দুখনৰ নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিলে যে ভাৰতৰ জনসাধাৰণ পৰিৱৰ্তৰ প্ৰতি আগ্ৰহী, যি পৰিৱৰ্তন উন্নয়নমুখী পৰিৱৰ্তন।’ সোমবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় মেঘালয় ৰাজ্যিক বিজেপিৰ সভাপতি শ্বিবুন লিংডোৱে।

লিংডোৰ মতে ৰাজ্যখনলৈ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণে মেঘালয়বাসীৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু তেওঁলোকে বিজেপিক ভোট দিবলৈ নিশ্চয়কৈ আগ্ৰহী হ’ব।

আনহাতে আজি মেঘালয়ৰ ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্য্যালয়ত বিজয়ৰ আনন্দ উদযাপনৰ দিহা কৰা হৈছে বুলিও জানিবলৈ দিয়ে এক সূত্ৰই।

উল্লেখযোগ্য যে চলিত নৱম মেঘালয় বিধানসভাৰ কাৰ্য্যকাল অহা ৬ মাৰ্চত অন্ত পৰিব। গতিকে অহা ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসম বিজেপিৰো আনন্দ প্ৰকাশ : মুখ্য মন্ত্ৰীৰ টুইট

আনহাতে অসম ৰাজ্যিক বিজেপিয়েও গুজৰাট আৰু হিমাচল প্ৰদেশত দলটো শাসন ক্ষমতালৈ অহা কাৰ্য্য আদৰণি জনোৱাৰ লগতে উল্লাস প্ৰকাশ কৰিছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ টুইটাৰত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি  কয় যে বিভাজনৰ ৰাজনীতি আৰু মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাইজে এই জয় নিশ্চিত কৰিছে।