গুৱাহাটীত তৈল খণ্ডৰ ঐতিহ্য প্ৰতিফলিত কৰা মিউজিয়াম এটা শীঘ্ৰেই স্থাপন কৰা হ’ব : কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জানিবলৈ দিছে যে অসমৰ শোধানাগাৰ কেইটাৰ শোধন ক্ষমতা বছৰি  ৭ মিলিয়ন মেট্ৰিক টনৰ পৰা ১৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে কালি গুৱাহাটীত ঘোষণা কৰে যে তৈলখণ্ডৰ ঐতিহ্য প্ৰতিফলিত কৰা এটা মিউজিয়াম গুৱাহাটীত শীঘ্ৰেই স্থাপন কৰা হ’ব।

তেওঁ লগতে জনায় যে মন্ত্ৰালয়ে এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰৰ শোধন ক্ষমতা যিকোনো প্ৰকাৰে বৃদ্ধি কৰিবই লাগিব কিয়নো ইয়াৰ লগত এক আৱেগিক সম্পৰ্ক জড়িত হৈ আছে।

উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা নুমলীগড় শোধনাগাৰলৈ পাইপলাইন বহুৱাটো কিমান উপযোগী হ’ব সেই বিষয়ে অধ্যয়নৰ বাবে প্ৰাথমিক জৰীপ চলি আছে বুলি জানিব দি প্ৰধানে কয় যে পাইপলাইনসমূহ প্ৰথমতে বাৰাউনীৰ পৰা নুমলীগড়লৈ আৰু তাৰপিছত নুমলীগড়ৰ পৰা দুলীয়াজনলৈ প্ৰাকৃতিক গেছ পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হ’ব আৰু পিছত ইয়াক আগৰতলালৈ সম্প্ৰসাৰণ কৰা হ’ব। এই প্ৰকল্পৰ বাবে ৭০০০ কোটি টকা ধাৰ্য কৰা হৈছে।

প্ৰধানে অসমত এটা দক্ষতা বিকাশ বিষয়ৰ বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ ৰূপায়ন কৰা বুলিও জানিব দিয়ে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে যৌথভাৱে উত্তৰ গুৱাহাটীৰ ফুলুঙত স্থাপন কৰিবলগীয়া দক্ষতা বিকাশ প্ৰতিষ্ঠানটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। তৈল খণ্ডৰ আৰ্থিক সাহায্যত স্থাপন হ’বলগীয়া দক্ষতা বিকাশ প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিব।

অসমৰ উদ্যোগ,বাণিজ্য আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২০১৮-১৯ ৰ ভিতৰত ২ লাখ যুৱক-যুৱতীক সংস্থাপনৰ বাবে উপযুক্ত কৰি তুলিব।