গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘিনী কেইজনীয়ে পালে এক নতুন সংগী

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘিনী কেইজনীয়ে আজি পালে এক নতুন সংগী।

লাচিত নামৰ একমাত্ৰ ঢেকীয়াপতীয়াটোৰ যোৱা জুনত মৃত্যু হোৱাৰ পিছৰে পৰা চিৰিয়াখানাত থকা দুজনী ঢেকীয়াপতীয়া আৰু দুজনী বগা বাঘিনীৰ নাছিল কোনো পুৰুষ সংগী।

অসম ৰাজ্যিক চিৰিয়াখানাতে ২০০৯ চনত জন্ম হোৱা লাচিত এনকেফেলিটিচত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।

চাৰি বাঘিনীৰ সংগী হিচাপে আজি চিৰিয়াখানালৈ মাইছৰৰ পৰা অনা হৈছে আঢ়ৈ বছৰীয়া ধনূষ নামৰ বাঘটো।

গুৱাহাটী চিৰিয়াখানাৰ বিষয়া তেজষ মৰিস্বামীয়ে এন ই নাওক জনায়, ‘বাঘিনী কেইজনীৰ লগত সংগম কৰিবলে আৰু বংশবৃদ্ধিৰ কাৰণে আমি মতা বাঘ এটা বিচাৰি আছিলো। চিৰিয়াখানাত চাৰিজনী বাঘিনী আছে। দক্ষিণ আৰু পূবৰ বাঘৰ দুই প্ৰজাতিৰ এক বৰ্ণসংকৰ পোৱাত ধনূষ কৰ্নাটকৰ হোৱাটোৱে আমাক সহায় কৰিব।’

মৰিস্বামীয়ে লগতে জনায় যে ঢেকীয়াপতীয়াই বগা বাঘৰ লগত সংগম কৰিব নোৱাৰে।

তেওঁ লগতে কয়, ‘আচলতে ঢেকীয়াপতীয়া আৰু বগা বাঘৰ সংগমক উৎসাহিত কৰা হয়। বংশবিদ্যাৰ ফালৰ পৰা দুই বগা বাঘৰ মাজৰ সংগমৰ পৰামৰ্শ দিয়া নহয়। বগা বাঘ বনত এতিয়া নোহোৱাই হৈছে। বন্দী অৱস্থাতে সাধাৰণতে সিহঁতক জন্ম দিয়া হয়।’

তিনি চাৰিদিন মানৰ পিছত বাঘটো দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব। মৰিস্বামীয়ে লগতে কয়, ‘মাইচৰৰ পৰা ধনূষ আজি আহি পাইছে মাত্ৰ। সি ভাগৰুৱা আৰু কিছু খঙাল হৈ আছে আজি। তাৰ চৌপাশ বদলি গৈছে। নতুন পৰিৱেশৰ সৈতে খাপ খাবলে তাক কেইদিনমান লাগিব।’

গুৱাহাটী চিৰিয়াখানাত আৰু আছে চাৰিটা ব্লেক পেন্থাৰ যিটো মৰিস্বামীৰ মতে দেশৰ যিকোনো চিৰিয়াখানাতকৈ অধিক।

মাইচৰৰ চামাৰাজেন্দ্ৰ জূলজিকেল গাৰ্ডেনৰ পৰা বিনিময় কাৰ্য্যসূচীৰ অধীনত এই ঢেকীয়াপতীয়াটোৰ উপৰি ৰাজ্যিক চিৰিয়াখানাই সোমবাৰে লাভ কৰিলে দুটা ব্লেকবাক আৰু দুটা পীফৌলজ।

বিনিময়ত ৰাজ্যিক চিৰিয়াখানাই দিলে চাৰিটা বগা পেলিকান, দুটা ব্ৰাহ্মিনি হাঁহ, চাৰিটা বাৰ্কিং ডিয়েৰ, দুটা চাৰিশিঙীয়া এন্তিল’প, দুটা ব্ৰ’ এন্তলাৰ ডিয়েৰ আৰু দুটা নাহৰফুটুকী।