গুৱাহাটীৰ ১৭৩ বছৰীয়া পুৰণি গীৰ্জাঘৰত খ্ৰীষ্টমাছ উদযাপন

গুৱাহাটীৰ ১৭৩ বছৰ পুৰণি গীৰ্জাঘৰত খ্ৰীষ্টমাছ উদযাপনৰ মুহূৰ্ত

ঐতিহাসিক গীৰ্জাঘৰটো খ্ৰীষ্টমাছৰ আড়ম্বৰপূৰ্ণ উদযাপনত ব্যস্ত হৈ পৰিছে। এইবছৰ তেওঁলোকৰ বিষয়বস্তু হৈছে ‘মানুৰহ পৃথিৱীত ত্ৰাণকৰ্তাৰ সন্ধানত।‘ আজি ৰাতিপুৱাৰ ভাগত পৱিত্ৰ বন্ধনৰ সময়ত ইয়াৰ সদস্যসকলৰ লগতে বহু লোকৰ সমাগম ঘটিছিল।

‘’ আমাক ভালৰ বাবে, আনক ভাল পাবলৈ আৰু সহায় কৰিবলৈ, আন্ধাৰ বিয়পি থকা স্থানত পোহৰ বিলাবলৈ আৰু বিপদত পৰি থকাসকলক উদ্ধাৰ কৰিবলৈ এই সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ দিয়ক,’’-প্ৰেম আৰু সেৱাৰ বিষয়ে আলোকপাত কৰি ৰেভাৰেণ্ড এঞ্জেল দৈমাৰীয়ে এইদৰে কয়।

তেওঁলোকৰ খ্ৰীষ্টমাছৰ পৰম্পৰাৰ বাহিৰেও তেওঁলোকে দৰিদ্ৰ শ্ৰেণীৰ স্কুলীয়া ল’ৰা ছোৱালীৰ মাজত স্কুলবেগ বিতৰণ কৰে। তেওঁলোকে কেৰ’ল গাই উৎসৱ উদযাপন আৰম্ভ কৰে। তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ বিশ্বপৰ অধীনত থকা চিএনআইয়েও বহুতো স্কুল, কলেজ, হাস্পাতল আৰু চেমিনাৰী স্থাপন কৰিছে।

উত্তৰ পূব ভাৰতৰ প্ৰথমটো গীৰ্জাঘৰ হিচাপে খ্ৰীষ্ট চাৰ্চটো হৈছে মহানগৰীৰ এটা আটাইতকৈ পুৰণি গৃহ। গুৱাহাটীৰ নেহৰু পাৰ্কৰ ওচৰত চাৰ্চ ফিল্ডত অৱস্থিত এই গীৰ্জাঘৰটো। ১৮৪৪ চনত স্থাপিত এই গীৰ্জাঘৰটোত ৰেভাৰেণ্ড ডেনিয়েল উইলচনে ১৮৫০ চনত বিশ্বপ হিচাপে যোগদান কৰিছিল।

এই বছৰৰ অক্টোবৰ মাহত গীৰ্জাটোৰ তদাৰক কমিটিয়ে গীৰ্জা ঘৰটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। গীৰ্জাটোৰ প্ৰায় ৫০ টা পৰিয়ালৰ সদস্যসকলে ইয়াক এটা নতুন জীৱন দান কৰিছে। অসমৰ ঐতিহ্য সংৰক্ষণ সংস্থাৰ অধীনত এই প্ৰকল্পটো চোৱা চিতা কৰিছিল এগৰাকী ঐতিহ্য সংৰক্ষণকাৰী আৰ্কিটেক্ট ৰঞ্জীৱ বৰুৱাই। টিউডৰ আৰ্হিৰ গাঁঠনি আৰু অসম আৰ্হিৰ নিৰ্মাণৰ সমন্বয়ত গীৰ্জাগৃহটো নিৰ্মাণ কৰি উলিওৱা হৈছে।