• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক লৈ হেতালি খেলিছে কিয় অসম চৰকাৰে?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 17, 2018 4:47 pm
GMCH assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আধুনিক সা-সৰঞ্জাম আৰু বিশেষজ্ঞ চিকিৎসকেৰে সজ্জিত আটাইতকৈ উন্নত চিকিৎসালয় হোৱাৰ পিছতো সুপৰিচালনাৰ অভাৱত ভুগিছে দৈনিক কেইবা হাজাৰো ৰোগীক চিকিৎসা প্ৰদান কৰি অহা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে।

সকলো ধৰণৰ শ্ৰমিক-অধিকাৰৰ পৰা বঞ্চিত পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ পুঞ্জীভূত ক্ষোভৰ সুপ্ত আগ্নেয়গিৰিৰ ওপৰত ঠিয় হৈ আছে অগণন সাধাৰণ ৰাইজক ছুপাৰ স্পেচিয়েল্টি সেৱা আগবঢ়োৱা ৰাজহুৱা খণ্ডৰ এই বৃহত্তম চিকিৎসালয়খন। কিন্তু সমগ্ৰ বিষয়টোত উদাসীন হৈ আছে পৰিৱৰ্তন আৰু সুশাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা সোণোৱাল চৰকাৰ।

নৰ্থ ইষ্ট নাও-ৰ চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে যে  অতি কম পাৰিশ্ৰমিকত, আনকি নিযুক্তি পত্ৰও নথকাকে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে ডেটা এণ্ট্ৰি কৰোঁতাৰ পৰা ফাৰ্মাচিষ্ট, নাৰ্ছলৈকে বিভিন্ন পদত সেৱা আগবঢ়াই আছে জি এম চি এইচ্ছৰ লগতে ইয়াৰ সৈতে সংলগ্ন মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত।

“১৯৯৭-৯৮ চনৰ পৰা জি এম চি এইচ্ছ কৰ্তৃপক্ষক আমাৰ একাংশ কৰ্মচাৰীয়ে নিৰৱচ্ছিন্নভাৱে তেওঁলোকৰ শ্ৰেষ্ঠতম আৰু সুদক্ষ সেৱা আগবঢ়াই আহিছে। আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৰাজ্য চৰকাৰৰ জৰুৰী সেৱাৰ অধীনত আজিলৈকে কম মজুৰিত সেৱা আগবঢ়াই আহিছো,” গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংস্থাই স্বয়ং প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্য্যালয়ৰ হস্তক্ষেপ বিচাৰি যোৱা ১৯ মাৰ্চত প্ৰেৰণ কৰা পত্ৰ (২০১৮/০৩/১৯ চি ই এ’ জি এম চি এইচ)ৰ বক্তব্য এয়া।

gmch contractual employees letter to pmo
প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়লৈ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংস্থাই প্ৰেৰণ কৰা পত্ৰ

উল্লেখযোগ্য যে ২০১৩ চনৰ এখন আবেদনৰ বিপৰীতে দেশৰ উচ্চতম ন্যায়ালয়ে ২৬ অক্টোবৰ, ২০১৬ চনত দিয়া এক নিৰ্দেশৰ আধাৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্থায়ী কৰ্মচাৰীসকলৰ সমহাৰত মজুৰি বিচাৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰধান মন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰ পোৱাৰ লগে লগে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ তথ্য বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে।

কিন্তু দেশৰ প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ এই ‘জৰুৰী পত্ৰ’ৰ আজি ১৭ জুলাইলৈকে কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীয়ে। আৰু সমগ্ৰ বিষয়টোত নীৰৱতাই হৈ পৰিছে অসমৰ সক্ৰিয় আৰু প্ৰভাৱশালী স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ সক্ৰিয়তা।

মন কৰিব লগীয়া যে প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ পত্ৰ পোৱাৰ লগে লগেই যোৱা ২৪ এপ্ৰিলত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিব বিপুল কুমাৰ দাসে অসমৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনলৈ প্ৰেৰণ কৰে এখন পত্ৰ (এইচ্ছ এল বি ২৩৭/ ২০১৮/ ৪), যাৰ প্ৰতিলিপি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়লৈও প্ৰেৰণ কৰা হৈছিল।

‘এই পৰ্যন্ত চিকিৎসালয় কৰ্তৃপক্ষই প্ৰতিবেদন দাখিল কৰা নাই,’ নৰ্থ ইষ্ট নাও-ক জনালে স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে।

‘ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাছনি প্ৰক্ৰিয়া, প্ৰয়োজনীয় অৰ্হতা, যোগদানৰ তাৰিখ, বৰ্তমানৰ দৰমহাৰ নিৰিখ, চিকিৎসালয় পৰিচালনা সমিতিৰ প্ৰাপ্তি আৰু খৰচ অনুযায়ী ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য খৰচৰ বিস্তৃত প্ৰতিবেদন’ ‘অতি জৰুৰী’ভাৱে দাখিল কৰিবলৈ স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ বৰ্মনে যোৱা ১৫ মে’তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক নিৰ্দেশ দিছিল।

কৰ্মচাৰীসকলে প্ৰধান মন্ত্ৰী কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিযুক্তি আৰু তদাৰকী কৰে চিকিৎসালয় পৰিচালনা সমিতিয়ে যাৰ অধ্যক্ষ আৰু অৱৰ সচিব হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষক।

ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিযুক্তিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অনুমোদন আছে নে নাই সোধাত স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে নৰ্থ ইষ্ট নাও-ক জনায়, “ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ অনুমোদনৰ কথা নাথাকে। চৰকাৰক চিকিৎসালয় কৰ্তৃপক্ষই এই বিষয়ে জনাব পাৰে, কিন্তু এইক্ষেত্ৰত চিকিৎসালয় পৰিচালনা সমিতিৰ সম্পূৰ্ণ স্বাধীনতা থাকে।”

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিবে স্বাস্থ্য শিক্ষা সঞ্চালকক দিয়া নিৰ্দেশ

অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন অনাৰ কৃতিত্ব দাবী কৰি অহাৰ সময়তে নৰ্থ ইষ্ট নাও-ৰ অনুসন্ধানত ঠিকাভিত্তিক কৰ্মচাৰীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাও পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি ২০১৬ চনৰ ফেব্ৰুৱাৰিৰ পৰাই বৃদ্ধি হোৱা নাই তেওঁলোকৰ দৰমহা। পঞ্জীয়ন কক্ষ আৰু ফাৰ্মাচিত কৰ্মৰত কৰ্মচাৰীসকলে নাপায় সপ্তাহত পাবলগীয়া বন্ধটোও। আনহাতে, তেওঁলোকে অতিৰিক্ত দায়িত্বৰ ভাট্টাও নাপায়।

বেমাৰ-আজাৰ আনকি পিতৃ-মাতৃৰ মৃত্যুতো তেওঁলোকৰ নাই ছুটী। চিকিৎসালয়ৰ কৰ্মচাৰী হোৱা সত্ত্বেও তেওঁলোকে নাপায় বিনামূলীয়া চিকিৎসাৰ সুবিধা।

আচৰিত হ’ব লগীয়া যে নিযুক্তি পত্ৰও নোহোৱাকৈ কাম কৰি আহিছে এই কৰ্মচাৰীসকলে। এগৰাকী কৰ্মচাৰীয়ে নৰ্থ-ইষ্ট নাও-ক জনোৱা মতে তেওঁক নিযুক্তিৰ সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ৩ মাহৰ বৈধতা থকা এখন নিযুক্তি পত্ৰ দিছিল, কিন্তু তাৰ ম্যাদ কেতিয়াবাই উকলি গ’ল।

কিন্তু নিযুক্তি পত্ৰই নথকা, পৃথিৱীৰ সকলো শ্ৰমিক আইন উলংঘনেৰে কামত খটুৱাই ৰখা এই অসহায় কৰ্মচাৰীসকলে চাকৰি যোৱাৰ ভয়ত মুখ খুলিব নোখোজে।

এতিয়া ঠিকাভিত্তিক এই কৰ্মচাৰীসকলে যদি আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে, দুয়োখন চিকিৎসালয়েই অচল হৈ পৰাটো নিশ্চিত।

এই পৰিস্থিতিৰ দায়িত্ব ল’বনে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd