গুৱাহাটী মহানগৰীত খাদ্য যোগান সেৱা আৰম্ভ উবেৰ ইটছৰ

uber

খাদ্য যোগানকাৰী মাৰ্কিন প্ৰতিষ্ঠান উবেৰ ইটছে গুৱাহাটী মহানগৰীত আজিৰে পৰা আৰম্ভ কৰিছে তেওঁলোকৰ সেৱা। উল্লেখযোগ্য যে ভাৰতৰ প্ৰায় ১৮ খন চহৰৰ লগতে বিশ্বৰ প্ৰায় ২২০খন চহৰত উবেৰ ইটছে তেওঁলোকৰ সেৱা আগবঢ়াই আহিছে।

উবেৰ ইটছে স্থানীয় জনপ্ৰিয় ৰেষ্টুৰেণ্ট সমূহৰ সৈতে সহযোগিতা স্থাপন কৰি গ্ৰাহকসকলে বিচৰা অনুসৰি তেওঁলোকৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী ঘৰতে যোগান ধৰাৰ ব্যৱস্থা কৰিব।

গ্ৰাহক সকলে এই সুবিধা গ্ৰহণ কৰাৰ বাবে এপটো ডাউনলোড কৰি নিৰ্দেশ অনুযায়ী পছন্দৰ খাদ্য সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব।প্ৰতিষ্ঠানটোৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুযায়ী তেওঁলোকে খাদ্য যোগানকাৰী সহযোগী সংস্থা সমূহৰ বাবে এক প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব।তদুপৰি খাদ্যৰ গুণাগুণ ৰক্ষাৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰতিষ্ঠানটোৱে।

প্ৰথমাৱস্থাত প্ৰতিষ্ঠানটোৱে ভাৰতীয়, চাইনিজ, পিজ্জা, থলুৱা খাদ্য, মিঠাই, আইচক্ৰীমৰ দৰে খাদ্য যোগান ধৰিব বুলি প্ৰকাশ কৰিছে আগশাৰীৰ সংবাদপত্ৰ টেলিগ্ৰাফে।

উবেৰ ইটছ সেৱা প্ৰথম পৰ্যায়ত ছয়মাইল, বেলতলা, খানাপাৰা, গণেশগুৰি, পল্টনবজাৰ, উজানবজাৰ, ফাঁচী বজাৰ আৰু চান্দমাৰিৰ আশে পাশে থকা অঞ্চলসমূহৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ হ’ব।

খাদ্য যোগানৰ বাবে গ্ৰাহকসকলে ১০ টকা অতিৰিক্তভাৱে আদায় দিব লাগিব। এই নতুন ব্যৱস্থাটোক গুৱাহাটী মহানগৰবাসীয়ে আদৰি ল’ব বুলি আশা কৰিছে।