• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰামীণ ডাক সেৱকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত মেঘদূত ভৱনত প্ৰতিবাদঃ ব্যাহত ডাক সেৱা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 29, 2018 7:44 am
348725d2-b14b-41ee-a522-c670fa0edb3b
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰামীণ ডাক সেৱকসকলে ২২ মেৰ পৰা অব্যাহত ৰখা প্ৰতিবাদ আৰু ধৰ্মঘটৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাহত হৈ পৰিছে ডাক সেৱা। সোমবোৰেও গুৱাহাটীৰ ডাক বিভাগৰ ৰাজ্যিক কাৰ্যালয় মেঘদূত ভৱনত ডাক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

দেশৰ গ্ৰামীণ ডাক সেৱকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ২০১৬ চনত গঠিত কমলেশ চন্দ্ৰ কমিতিয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন দাখিল কৰাৰ ১৮ মাহ হৈ যোৱাৰ পাছতো কাৰ্যকৰী হোৱা নাই সমিতিৰ পৰামৰ্শসমুহ। কমলেশ চন্দ্ৰ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰামীণ ডাক সেৱকসকলৰ চাকৰি নিয়মীয়া কৰা আৰু কৰ্মচাৰীয়ে পাবলগীয়া সকলো সা-সুবিধা প্ৰদানৰ দাবীত দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো গ্ৰামীণ ডাক সেৱকসকলৰ দুটা সংগঠন ক্ৰমে All India Gramin Dak Sevak Union আৰু All India Postal Employees Union এ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

গ্ৰামীন ডাক সেৱকসকলৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ডাক কৰ্মচাৰীৰ সৰ্বভাৰতীয় সংস্থা National Federation of Postal Employees Union আৰু Regional Co-ordination Committee of Postal Employees Union (Assam and North East)এ। লগতেCITU, AITUC, BSNL Employees Union কে ধৰি কেবাটাও সংগঠনে এই আন্দোলনৰ প্ৰতি সহযোগ আগবঢ়াইছে।

সোমবোৰে মেঘদূত ভৱনত হোৱা ডাক সেৱকসকলৰ প্ৰতিবাদী কাৰ্যসুচীত উপস্থিত থাকি Regional Co-ordination Committee of Postal Employees Union (Assam and North East) আহ্বায়ক ডি.কে. দেৱনাথে কয়, ‘গ্ৰামীণ ডাক সেৱকসকলক সমগ্ৰ দেশতে মেধাৰ ভিত্তিত নিযুক্তি দিয়া হৈছিল আৰু ডাক বিভাগৰ অধিকাংশ কামেই গ্ৰামীণ ডাক সেৱকসকলে সম্পাদন কৰি আছে। কিন্তু তেওঁলোকে উপযুক্ত দৰমহা আৰু অন্যান্য চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ  আৰ্থিক শোচনীয়তাৰ মাজেৰে চলিবলগীয়া হৈছে’। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই গ্ৰামীণ ডাক সেৱকসকলৰ সমস্যা সমুহ সমাধান নকৰিলে আন্দোলন অধিক তীব্ৰতৰ হ’ব বুলিও জানিবলৈ দিয়ে।

দেৱনাথে জানিবলৈ দিয়া মতে সমগ্ৰ দেশত ২ লাখ ৬০ হাজাৰ গ্ৰামীণ ডাক সেৱক আছে আৰু তেওঁলোকে দেশজুৰি ১,২৯,৫০০ ডাকঘৰ চলাই আছে যিটো দেশৰ মুঠ ডাকঘৰৰ প্ৰায় ৮০ শতাংশ।

ইপিনে, ডাক কৰ্মচাৰীসকলৰ এই ধাৰাবাহিক আন্দোলনৰ ফলত ব্যাহত হৈ পৰিছে ডাক সেৱা। মূলতঃ গ্ৰামাঞ্চলত ই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। কিয়নো নগৰতকৈ গাৱঁত ডাক সেৱাৰ যোগেদি চিঠি আৰু সামগ্ৰীৰ আদান-প্ৰদান আৰু ক্ষুদ্ৰ সঞ্চয়ৰ ক্ষেত্ৰত জনসাধাৰন অধিক নিৰ্ভৰশীল হয়।

সোমবাৰে ডাক সেৱক সকলৰ এই সমস্যা সমাধানৰ দাবীত ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ ডাক কৰ্মচাৰীসকলে এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

ইয়াৰ উপৰি ডাক বিভাগৰ কৰ্মচাৰী সংগঠনৰ সদস্যৰ পৰীক্ষনৰো দাবী তোলে প্ৰতিবাদী কৰ্মচাৰীসকলে। উল্লেখ্য যে, নিয়ম অনুযায়ী বিভাগৰ শ্ৰমিক সংগঠনৰ প্ৰথমটো সংগঠনত নুন্যতম ৩০ শতাংশ কৰ্মচাৰী আৰু দ্বিতীয়টো সংগঠনৰ নুন্যতম ১৫ শতাংশ কৰ্মচাৰী সদস্যভুক্ত হ’ব লাগে। কিন্তু ডি.কে. দেৱনাথে জানিবলৈ দিয়া মতে কংগ্ৰেছ আৰু বিজেপি দলে নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে আৰু দুটা গ্ৰামীন ডাক সেৱকৰ আৰু দুটা সংগঠনৰ জন্ম দিয়ে।

দেৱনাথে প্ৰকাশ কৰা আনুযায়ী কংগ্ৰেছৰ দিনত জন্ম ল’লে National Union of Gramin Dak Sevak নামৰ সংগঠনটো আৰু পৰৱৰ্তী সময়ত বিজেপিয়ে জন্ম দিলে Bharatiya Union of Gramin Dak Sevak নামৰ আন এটা সংগঠন। কিন্তু এতিয়ালৈ দুয়োটা সংগঠনে তেওঁলোকৰ সদস্যৰ সংখ্যা ৰাজহুৱা কৰা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd