ঘৰুৱা খেলপথাৰত ইষ্ট বেংগলৰ সৈতে পইণ্ট ভগাই ল’লে আইজল এফ চিয়ে

প্ৰতিনিধিত্বমূলক ফট’

প্ৰতিনিধিত্বমূলক ফট’

আইজলৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ইষ্ট বেংগলে এক পইণ্ট পাবলৈ সক্ষম হয়। আজিৰ খেলখনৰ প্ৰথমাৰ্ধত ঘৰুৱা দলটোৱে বহুকেইটা সুযোগ নষ্ট কৰে। এই ড্ৰই ইষ্ট বেংগলৰ প্ৰশিক্ষক খালিদ জামিলক বিব্ৰত কৰিলেও পৰিসংখ্যা অনুযা্য়ী খেলখনত আইজল এফ চিয়েই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও দলটোৰ ভাগ্য আজি সুপ্ৰসন্ন নাছিল।

ইষ্ট বেংগলৰ গ’ল খুটাৰ বাহিৰলৈ গুচি যোৱা আইজল এফ চিৰ অধিনায়ক আল্ফ্ৰেদ যাৰয়ানৰ নিম্ন উচ্চতাৰ এটা শক্তিশালী শ্বটৰ যোগেদি আজিৰ খেলখনৰ ১১ মিনিটতে কলিকতীয়া দলটোক ঘৰুৱা দলটোৱে ভয় খুৱাবলৈ সক্ষম হৈছিল।

প্ৰথমাৰ্ধত আধিপত্য বজাই ৰাখিও ঘৰুৱা দলটোৱে সফলতা লাভ কৰিবলৈ সক্ষম ন্হ’ল। ৩৬ মিনিটত যাৰয়ানে লোৱা অন্য এটা শ্বট ইষ্ট বেংগলৰ গ’লৰক্ষক লুই বেৰেট’ই ওফৰাই পেলাবলৈ সক্ষম হয়।

সেইদৰে খেলখনৰ ৪২ মিনিটত আইজল এফ চিয়ে অন্য এক সুযোগ পাইছিল যদিও দ’দ’জে লোৱা শ্বট গ’ল খুটিৰ ওপৰেৰে পাৰ হৈ যায়।

আনহাতে খেলৰ দ্বিতীয়াৰ্ধত ইষ্ট বেংগলৰ জাপানী মিডফিল্ডাৰজনে আইজলৰ ডিফেণ্ডাৰসকলক তীব্ৰ চাপত পেলাবলৈ সক্ষম হয়। ৫৪ মিনিটত তেওঁ লোৱা ফ্ৰী কিকটো গ’ল খুটাত লাগি উভটি আহে।

হাতত আৰু দুখন খেল থকা অৱস্থাত এই ড্ৰৰ যোগেদি আইজল এফ চিয়ে ইষ্ট বেংগলৰ সৈতে যুটীয়াভাৱে আই লীগ পইণ্ট তালিকাৰ চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল।

আইজল এফ চিৰ গ’লৰক্ষক অভিলাষ পলক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ ঘোষণা কৰা হয়।