ঘৰুৱা দল নৰ্থ- ইষ্ট-ইউনাইটেড এফ.চিৰ সন্মুখত শক্তিশালী বেংগলুৰু এফ চি

দিল্লীৰ ষ্টেডিয়ামত দিল্লী ডায়নামোজক হৰুৱাই গভীৰ আত্ম বিশ্বাসেৰে আজি খেলপথাৰত নামিব ঘৰুৱা দল নৰ্থ-ইষ্ট-ইউনাইটেড এফ.চি। আজি সৰু সজাই ষ্টেডিয়ামত হ’ব লগীয়া খেলখনত নৰ্থ-ইষ্ট-ইউনাইটেড এফ.চি ৰ  বিপক্ষে প্ৰতিদ্বণ্ডিতা কৰিব তাৰকাৰে সমৃদ্ধ বেংগলুৰু এফ চি। নৰ্থ-ইষ্ট-ইউনাইটেডৰ প্ৰশিক্ষক ডিউছ খেলখনক লৈ যথেষ্ট আত্মবিশ্বাসী। পোন্ধৰ দিন আগৰ নৰ্থ-ইষ্ট-ইউনাইটেড এফ.চি আৰু আজিৰ নৰ্থ-ইষ্ট-ইউনাইটেড এফ.চিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এতিয়া আমি ঘৰৰ মাটিত যিকোনো শক্তিশালী দলক পৰাভূত কৰিবলৈ মানসিক ভাবে প্ৰস্তুত বুলি প্ৰশিক্ষক গৰাকীয়ে কয়। আনহাতে ভাৰতীয় দলৰ তাৰকা ষ্ট্ৰাইকাৰ চুনীল চেত্ৰীৰ লগতে দেশী বিদেশী তাৰকাৰে সমৃদ্ধ বেংগলুৰু এফ চিৰ প্ৰশিক্ষক ভূগিছে তীব্ৰ সংকটত। বেংগলুৰু এফ চিৰ প্ৰথম পচন্দ গলৰক্ষক গুৰপ্ৰীত সান্ধু ৰঙা কাৰ্ড পাই নিলম্বিত হৈছে। আনহাতে দ্বীতীয় আৰু তৃতীয় পচন্দৰ গলৰক্ষক দুগৰাকীও আঘাতৰ বাবে খেলপথাৰত নামিব নোৱাৰে। সেয়েহে আৰম্ভণিৰ পৰাই ৰক্ষণাত্মক খেল খেলিব লাগিব বুলি বেংগলুৰু এফ চিৰ প্ৰশিক্ষক ৰ’কাৰে কয়। উল্লেখ্য যে নৰ্থ-ইষ্ট-ইউনাইটেড এফ.চিৰ প্ৰশিক্ষকে আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক খেলেৰে আলহী দলক শলঠেকত পেলাব বুলি হুংকাৰ দিয়ে। মনকৰিবলগীয়া যে অসম সন্তান হলিচৰণ নাৰ্জাৰীয়ে আজিৰ খেলত আৰম্ভণিৰ পৰাই খেলাৰ পূৰ্ণ সম্ভাৱণা আছে বুলি সূত্ৰৰ পৰা জানিব পাৰিছো। লক্ষ্যণীয় কথা যে বেংগলুৰু এফ চিৰ ষ্ট্ৰাইকাৰ চুনীল চেত্ৰী নিজৰ যুগ্ম জীৱনৰ পাতনি মেলাৰ পিচত পোন প্ৰথম বাৰৰ বাবে খেলপথাৰত নামিব।