চলিত বৰ্ষত অসমৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ শোণিতপুৰ জিলা পৰিবহণ কাৰ্যালয়ৰ

Sonitpur DT Office

চলিত বিত্তীয় বৰ্ষত শোণিতপুৰ জিলা পৰিবহণ কাৰ্যালয়ে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক, ৩কোটি ৬০ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। বিগত বৰ্ষত শোণিতপুৰ পৰিবহণ বিভাগে বিভিন্ন কৰ আদিকে ধৰি মুঠ ২কোটি ৫০ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰি ৰাজ্য চৰকাৰৰ ৰাজকোষত জমা দিছিল বুলি জিলা পৰিবহণ বিষয়া মাখন দত্তই প্ৰকাশ কৰিছে।

চলিত বৰ্ষৰ মে’ মাহৰ ভিতৰত জিলা পৰিবহণ কাৰ্যালয়ে দুচকীয়া চাৰিচকীয়া বাহনসমূহত ৩৫৬৯খন উচ্চ নিৰাপত্তা পঞ্জীয়ণ প্লেট (Higher Security Registration Plate)সংলগ্ন কৰা হৈছে।

জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা জনসাধাৰণলৈ গোহাৰি জনোৱা হৈছে যাতে তেওঁলোকে যান-বাহন আইন মানি চলে। শব্দ সৃষ্টি কৰিব পৰাকৈ সলনি ঘটোৱা মটৰচাইকেলসমূহে চহৰখন আৰু ইয়াৰ আশ-পাশৰ এলেকাত সৃষ্টি কৰা শব্দ প্ৰদূষণ আদিৰ প্ৰতিও ৰাইজক সচেতন হ’বলৈ আহ্বান জনায়।

তেজপুৰৰ অধিকাংশ যুৱকে বিকট শব্দ সৃষ্টি কৰাকৈ বাইকসমূহ সলনি কৰি লওৱা বাবে তেজপুৰ চহৰত ব্যাপক শব্দ প্ৰদূষণৰ সমস্যাই দেখা দিছে। জিলা পৰিবহণ বিঊআগে শেহতীয়াভাৱে যথেষ্ট সংখ্যক বাইক জব্দ কৰিছে আৰু এইদৰে ৬০,০০০তকৈও অধিক টকা জৰিমনা হিচাপে সংগ্ৰাহিত হৈছে।

জিলা পৰিবহণ বিভাগে এক জাননীযোগে ৰিয়াৰ ভিউ মিৰৰ নথকা বাইক, ছিটবেল্ট ব্যৱহাৰ নকৰাকৈ চাৰিচকীয়া বাহন চলোৱা আৰু গাড়ী বাইক চলাই থকা অৱস্থাত মোবাইলত কথা পতা তৎক্ষণাত বন্ধ কৰাৰ নিৰ্দেশ জাৰী কৰিছে। লগতে পুৰণি নম্বৰ প্লেটসমূহ পৰিৱৰ্তন কৰাৰ বাবেও জনসাধাৰণলৈ আৱেদন জনোৱা হৈছে। অন্যথা জৰিমনা আদায় কৰা হ’ব বুলিও নিৰ্দেশটোত কোৱা হৈছে।

জিলা পৰিবহণ বিষয়ববীয়াই ইতিমধ্যে এই সন্দৰ্ভত আজিৰে পৰা এক অভিযান আৰম্ভ কৰিছে বুলি জাননীখনত কোৱা হৈছে।