চাকৰিৰ নিশ্চয়তা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক আহ্বান

ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী শিক্ষকলৈ উচ্চতম ন্যায়ালয়ে সাময়িক ভাবে সকাহ দিলেও তেওঁলোকৰ চাকৰি সমূহ নিশ্চয়তা প্ৰদান কৰিবলৈ কালি মানিক সৰকাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক আহ্বান জনায়। ন্যায়াধীশ আদৰ্শ কুমাৰ গোয়েল আৰু উদয় উমেশ ললিতৰে গঠিত খণ্ড বিচাৰপীঠে উক্ত ১০,৩২৩ গৰাকী শিক্ষকলৈ ২০১৮ চনৰ ৩০ জুনলৈ কাৰ্যকাল বৃদ্ধি কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী এই ১০,৩২৩ গৰাকী শিক্ষকে ৩১ ডিচেম্বৰৰ পৰা চাকৰি হেৰুৱাব লাগিব। যাৰ ফলত ত্ৰিপুৰাৰ এই শিক্ষক সকলে ধৰ্ণা-প্ৰতিবাদত নামিছিল। পিছত সময় সীমা এবছৰৰ বৃদ্ধিৰ বাবে ত্ৰিপুৰা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ আগত অনুৰোধ জনাইছিল যদিও খণ্ড বিচাৰ পীঠে সেই সময়সীমা মাত্ৰ ছমাহলৈহে বৃদ্ধি কৰিলে।

মন কৰিব লগীয়া যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ১০,৩২৩ গৰাকী শিক্ষকে ৩১ ডিচেম্বৰৰ পৰা চাকৰি হেৰুৱাব লাগিব। ব্যাপক অনিয়ম প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰিছিল শিক্ষকসকলে যাৰ বাবে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছিল। পৰৱৰ্তীকালত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ১২০০০ হাজাৰ পদৰ সৃষ্টি কৰি এই শিক্ষক সকলক নিযুক্তি প্ৰদানৰ আশ্বাস দিছিল। কিন্তু আজিলৈ এই প্ৰক্ৰিয়া কাৰ্যক্ষম নোহোৱাত শিক্ষক সকলে  নিজৰ চাকৰি হেৰুৱাৰ ভয়ত সোমবাৰে সদৌ ত্ৰিপুৰা শিক্ষক সন্থাই তেওঁলোকৰ চাকৰি সমূহ জুনৰ ৩০ তাৰিখৰ পিছত কোনো অনিশ্বিয়তাত যাতে নোভোগে তাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত অনুৰোধ জনায়। লগতে বিশেষ অধিবেশন অনুষ্ঠিত কৰি এখন নিশ্চিতকৰণ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে।