চিকিৎসকৰ চাকৰিৰ নিযুক্তিত বয়সৰ সীমা দহ বছৰলৈ বৃদ্ধি কৰিলে মেঘালয় চৰকাৰে

মেঘালয়ত চিকিৎসকৰ চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ সীমা দহ বছৰ বৃদ্ধি কৰা হৈছে। মেঘালয় কেবিনেটে অনুমোদন জনোৱা ৰাজ্যিক স্বাস্থ্য বিভাগৰ এটা প্ৰস্তাৱ অনুসৰি বিশেষজ্ঞ, নাৰ্ছকে ধৰি চিকিৎসকৰ চাকৰিত যোগদানৰ বয়স ১০ বছৰলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বতে এই বয়সৰ সীমা আছিল ৩২ বছৰ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী মুকুল ছাংমাই কয় যে চিকিৎসকৰ অভাৱৰ বাস্তৱ সত্যটো মানি লৈ বিশেষকৈ বিশেষজ্ঞ চিকিৎসকৰ নাটনিৰ কথাটো সন্মুখত ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগক এনে এটা সূত্ৰ উলিয়াবলৈ নিৰ্দেশ দিয়া হৈছিল যাতে ভাল অভিজ্ঞ চিকিৎসক য’তেই নাথাকক কিয় আহি মেঘালয়ত সেৱা আগবঢ়াব পাৰে।

ইয়াৰ মাজতে কেবিনেটে ৰাজ্যৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীলৈ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুণগত শিক্ষা আগবঢ়োৱাৰ বাবে ৰাজ্যখনত ৯ খন কমিউনিটি কলেজ স্থাপনৰ প্ৰস্তাৱটোত অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰীয়ে জনায় যে উক্ত ৯ খন কমিউনিটি কলেজ স্থাপনৰ বাবে মূলধনী ব্যয় হ’ব ৫০ কোটি টকা আৰু ইয়াক চলাই ৰখাৰ বাবে ৫৩ কোটি টকাতকৈয়ো অধিক খৰচ হ’ব।

কমিউনিটি কলেজসমূহ দুই ধৰণৰ হ’ব। ব্ৰাউন ফিল্ড আৰু গ্ৰীন ফিল্ড। ব্ৰাউন ফিল্ডৰ ভিতৰত বৰ্তমান চলি থকা কলেজসমূহ থাকিব আৰু তেওঁলোকৰ বাবে ২ কোটি টকা এককালীনভাৱে বিনিয়োগ কৰা হ’ব। আনহাতে গ্ৰীন ফিল্ডৰ ভিতৰত থাকিব নতুনকৈ স্থাপন হোৱা কলেজসমূহ আৰু তেওঁলোকক প্ৰতিখনকে ১০ কোটি টকাকৈ দিয়া হ’ব।

চলাই থকাৰ বাবে খৰচৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ হাৰত প্ৰৱক্তাসকলৰ দৰমহাৰ ব্যয়ো থাকিব।

‘’ এই কমিউনিটি কলেজসমূহ চৰকাৰৰ সাহায্যত পৰিচালনা সমিতিয়ে চলাব আৰু ছাত্ৰ-ছাত্ৰীক গুণগত মানৰ উচ্চ শিক্ষা আগবঢ়োৱাৰ বাবে উৎকৃষ্ট মেধাক নিয়োগ কৰা হ’ব।